চাকৰি নিয়মীয়াকৰণৰ দাবীত আশা কৰ্মীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

মানকাচৰ – হাটশিঙিমাৰীত আশা কৰ্মীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিকে ধৰি আশা কৰ্মীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মঙলাবাৰে দুপৰীয়া দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আশা কর্মী সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

সদৌ অসম আশা কৰ্মীৰ উদ্যোগত আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আশা কৰ্মীৰ সহযোগত জিলাখনৰ প্ৰায় দুই শতাধিক আশা কৰ্মীয়ে হাতে-হাতে বেনাৰ, পোষ্টাৰ লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী আশা কৰ্মী সকলে তেওঁলোকৰ দাবী সমুহ মানি ল’বলৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

আশা কর্মী সকলৰ প্ৰতিবাদ অধিক উত্তপ্ত হৈ পৰাত অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুম প্ৰতিবাদস্থলীত উপস্থিত হৈ স্মাৰক পত্ৰখন গ্ৰহণ কৰে। আশা কৰ্মী সকলে নিয়মীয়া প্ৰাপ্য ধন সময়মতে নোপোৱাৰ লগতে স্বাস্থ্য বিভাগৰ কৰ্মী সকলে দূৰ্ব্যাৱহাৰ কৰা বুলিও মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply