নগাঁও – চাকৰি নিয়মীয়াকৰণৰ দাবীত তলাবন্ধ কাৰ্যসূচী। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ তলাবন্ধ কাৰ্যসূচী। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ২২৬ গৰাকী কৰ্মচাৰীয়ে বিনা বেতনে দীৰ্ঘদিন ধৰি চাকৰি কৰি আহিছে।
চাকৰি নিয়মীয়াকৰণৰ দাবীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সন্থাই আৰম্ভ কৰিছে তলাবন্ধ কাৰ্যসূচী। মঙলাবাৰে নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত অবৈতনিক কৰ্মচাৰী সন্থাৰ নগাঁও জিলা সমিতিয়ে তলাবন্ধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাজ্যৰ ২২৬ গৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীয়ে বিনা বেতনে বছৰ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে যদিও চাকৰি নিয়মীয়াকাৰণ নোহোৱাৰ ফলত কৰ্মচাৰী সকল ক্ষোভিত হৈ পৰিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই আহিছে।
জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান ধৰি অহা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সকলৰ পৰিয়াল এতিয়া গভীৰ অৰ্থ সংকটত পৰিছে। চাকৰি নিয়মীয়াকৰণৰ বাবে বহুবাৰ দাবী জনাই অহাৰ পিছতো আজি পৰ্যন্ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সকলৰ দাবী পূৰণ হোৱা নাই। এইবাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সকলে ৰাজ্যজুৰি আৰম্ভ কৰিছে তলাবন্ধ কাৰ্যসূচী।