– গুৱাহাটীবাসীক আমি প্ৰতিশ্ৰুতি দিছিলো দুৰ্গা পূজাৰ এদিন আগত এই উৰণীয়া সেঁতু মুকলি কৰিম
– মুখ্যমন্ত্ৰীয়ে এই উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰিছিল, আজি মুকলিও কৰিব মুখ্যমন্ত্ৰীয়ে; এয়া সৌভাগ্য
– সংকল্পৰ পৰা সিদ্ধিলৈ যাব পৰাটো আনন্দ
– লোক নিৰ্মাণ বিভাগে প্ৰমাণ কৰিলে যেনেদৰে দিল্লী, কলিকতাত কাম হয় ইয়াতো সম্ভৱ
– ইয়াৰ পিছত মালিগাঁও আৰু ছুপাৰমাৰ্কেটত উৰণীয়া সেঁতুৰ কাম শেষ হ’ব
– ৰিহাবাৰীৰ পৰা আৰ্য কলেজলৈ আন এখন উৰণীয়া সেঁতু নিৰ্মাণ হ’ব
– গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰো ৩০% কাম সম্পন্ন হৈছে
– দিল্লীৰ বিজ্ঞান ভৱন সদৃশ কনভেনচন হল নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে
– ৰিহাবাৰী, পাণবজাৰক ফাষ্ট এক্সপ্ৰেচ ক’ৰিডৰেৰে সংলগ্ন কৰা হ’ব
– MMCH আৰু TB হাস্পতাল সংলগ্ন কৰি নিৰ্মাণ হ’ব নতুন মেডিকেল কলেজ
– চানমাৰিৰ পৰা নুনমাটিলৈ হ’ব এলিভেটেড ফ্লাই অভাৰ
– এলিভেটৰ ফুট অভাৰ ব্ৰীজ নিৰ্মাণৰ কাম ৮০% সম্পন্ন হৈছে, ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন হ’ব
– গুৱাহাটীৰ পানী আঁচনিৰ কামো শেষ হ’ব
– পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ সৰ্বাংগ সুন্দৰ হ’ব গুৱাহাটী
– ২ নৱেম্বৰৰ দিনা একেলগে ১২১খন চাহ বাগিচাত এখনকৈ হাইস্কুল নিৰ্মাণ কৰা হ’ব, এপ্ৰিলত কাম শেষ কৰাৰ লক্ষ্য