চাবুৱা– প্লাবন একাদশ ক্ৰিকেট দলে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ ইক’ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিছে| প্ৰতিযোগিতাৰ তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল মেচখনত প্লাবন একাদশে ডিব্ৰুগড় বিশ্ববিদ্যালয় দলক ৪ উইকেটত পৰাস্ত কৰে|

প্ৰথমে বেটিং কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৮ অভাৰত ৮ উইকেটত ৭৫ ৰাণ কৰাৰ বিপৰীতে প্লাবন একাদশে ২টা বল বাকী থকা অৱস্থাত বিজয় লক্ষ্য়ত উপনীত হয়।

প্লাবন একাদশৰ ডেভিদ কুমাৰ ফাইনেল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱজ্যোতি বৰগোঁহাইয়ে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে| মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ খনৰ বিজয়ী দলক সাবিত্ৰী হাজৰিকা সোঁৱৰণী চলন্ত ট্ৰফী আৰু নগদ ধন প্ৰদান কৰা হয়|

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply