চাবুৱা- ডিব্ৰুগড়ৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ইক’ ক্লাবৰ উদ্যোগত এখনি আমন্ত্ৰণমূলক আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছে| চাবুৱাৰ বিশমাইলস্থিত বেতমেলা খেলপথাৰত ১৮, ১৯ আৰু ২০ ডিচেম্বৰ, ২০২০ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ক্ৰিকেট প্ৰতিযোগিতাখনি।
শিৱসাগৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ১৬ দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনৰ বিজয়ী দলক সাবিত্ৰী হাজৰিকা সোঁৱৰণী চলন্ত ট্ৰফী আৰু নগদ ধন প্ৰদান কৰা হ’ব। ৰাণাৰ্ছ আপ, মেন অৱ দ্য ছিৰিজ, শ্ৰেষ্ঠ বেটছমেন, শ্ৰেষ্ঠ ব’লাৰ আদিৰ বাবেও ট্ৰফী আৰু নগদ ধনৰ ব্যৱস্থা কৰা হৈছে।
প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ তিনিদিনৰ কাৰ্যসূচীতে ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে| প্ৰতিযোগিতাখন সম্পৰ্কে কোনো তথ্য জানিবলৈ হ’লে ৯৭০৭৬৩৬৭৩৫/৮৬৩৮০৭৫৯২৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান কৰে উদ্যোক্তাসকলে।