চাবুৱা– চাবুৱাৰ বেতমেলা খেলপথাৰত বৃহস্পতিবাৰে দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয় (ডিডিআৰ) আৰু জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। খেলখনত দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ক ৪৫ ৰাণত পৰাস্ত কৰে।

টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰা দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ে নিৰ্ধাৰিত ১২ অভাৰত ৮ টা উইকেটৰ বিনিময়ত ১৩৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ৰ অভিলাশ দাসে ২১ আৰু ধ্ৰুৱ মিৰ্ধাই ১৮ ৰান সংগ্ৰহ কৰে। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ তনুজ শইকীয়াই ৪ টা আৰু দীপাংকৰ কোঁৱৰে ২টা উইকেট দখল কৰিবলৈ সক্ষম হয়।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নমা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে নিৰ্ধাৰিত অভাৰত ৯ টা উইকেট হেৰুৱাই ৯১ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰতিষ্ঠানটোৰ হৈ তনুজ শইকীয়া আৰু ৰূপজিত্‍ গগৈয়ে সৰ্বোচ্চ ২৯ ৰাণকৈ সংগ্ৰহ কৰাৰ বিপৰীতে বাকীসকল বেটছমেনে বিশেষ অৱদান আগবঢ়োৱাত ব্যৰ্থ হয়। দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ৰ কল্পজিত্‍ গোহাঁয়ে ৪টা আৰু দুৰ্লভ বৰুৱাই ২টা উইকেট দখল কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply