চামগুৰি – চামগুৰি আৰক্ষীৰ অভিযানত জব্দ চোৰাং পশুধন ভৰ্তি ট্ৰাক। নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চামগুৰি আৰক্ষীয়ে চলাইছিল চোৰাং পশুধন সৰবৰাহকাৰী বিৰুদ্ধে অভিযান। আৰক্ষীৰ অভিযানৰ খবৰ পাই পশুধন সৰবৰাহকাৰী চক্ৰৰ পলায়ন।
দেওবাৰে নিশা নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই তিনিখন পশুধন ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। গোপান খবৰৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে চামগুৰি থানাৰ সন্মুখত তালাচি চলায়। আৰক্ষীৰ তালাচিৰ খবৰৰ পাই আমনিত এএছ-০১-এলচি-১৮১৬, এ এছ-০৭-এচি-৮০৫৯ আৰু এএছ-০১-এলচি-৩৩৪৬ নম্বৰৰ চোৰাং পশুধন ভৰ্তি ট্ৰাক কেইখনৰ চালক আৰু হেণ্ডিমেন ট্ৰাক কেইখন এৰি পলায়ন কৰে।
ৰাজপথৰ ওপৰতে চোৰাং পশুধন ভৰ্তি ট্ৰাক এৰি সৰবৰাহকাৰীয়ে পলায়ন কৰাৰ খবৰ পাই আৰক্ষীয়ে ট্ৰাক কেইখন জব্দ কৰে। জানিব পৰা মতে ট্ৰাক তিনিখন উজনি অসমৰ দিশৰ পৰা নগাঁও অভিমুখে আহি আহিছিল। ট্ৰাক তিনিখনত প্ৰায় অৰ্ধ-শতাধিক গৰু আৰু ম’হ চোৰাং পশুধন সৰবৰাহকাৰী চক্ৰটোৱে অবৈধভাৱে কোনো অজ্ঞতা স্থানলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে নগাঁও আৰক্ষীয়ে পূৰ্বেও বহু কেইখন চোৰাং পশুধন ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল। বিগত কিছুদিন ধৰি চোৰাং পশুধন সৰবৰাহকাৰী চক্ৰই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বিভিন্ন স্থানলৈ পশুধন সৰবৰাহ কৰি আহিছ।