যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

চামগুৰি – চামগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ। মিকিৰহাটৰ শান্তিপুৰত নিশা বনৰীয়া হাতীৰ চুড়ান্ত উপদ্ৰৱ। বনৰীয়া হাতীৰ জাকে লণ্ডভণ্ড কৰিলে দুটাকৈ বাসগৃহ। কথমপি প্ৰাণ ৰক্ষা পৰিল এজন লোকৰ।

বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ জাকে চূড়ান্ত উপদ্ৰৱ চলাই থকা পৰিলক্ষিত হৈছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বনৰীয়া হাতীৰ জাকে মানুহৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে পথাৰৰ শস্য খাই ব্যাপক ক্ষতি সাধন কৰা দেখিবলৈ পোৱা গৈছে।

শুকুৰবাৰে নিশা নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত মিকিৰহাটৰ শান্তিপুৰত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। বনৰীয়া হাতীৰ জাকটোৱে শান্তিপুৰত দুটাকৈ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে মানুহক আক্ৰমণ চলায়। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত সুনীল ভূঞা নামৰ এজন লোকৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

বনৰীয়া হাতীৰ জাকটোৱে ভদ্ৰেশ্বৰ বৰা নামৰ এজন লোকৰ বাসগৃহ লণ্ডভণ্ড কৰি বিস্তৰ ক্ষতি সাধন কৰে৷ হাতীৰ জাকটোৱে ভদ্ৰেশ্বৰ বৰাৰ ভঁৰালৰ ধান খাই তহিলং কৰে৷ বন বিভাগৰ লোকে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বিহীত ব্যৱস্থা গ্ৰহন কৰিছে যদিও বৰ্তমানলৈকে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বন বিভাগ সফল হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply