চামগুৰিত বনৰীয়া হাতীৰ জাকে টোপনি হৰিছে বন বিভাগৰ

চামগুৰি – চামগুৰিত বনৰীয়া হাতীৰ জাকে টোপনি হৰিছে বন বিভাগৰ। চামগুৰিৰ বিভিন্ন অঞ্চলত ১৫০ জনীয়া বনৰীয়া হাতীৰ জাকে চলাইছে উপদ্ৰৱ। দিনে-নিশাই চামগুৰিৰ পথাৰত মুক্ত বিচৰণ কৰিছে বনৰীয়া হাতীৰ জাক। বন বিভাগৰ বাধাকো নেওচি বনৰীয়া হাতীৰ জাকে পথাৰৰ ধান খাই চলাই গৈছে উপদ্ৰৱ।

নগাঁও জিলাৰ চামগুৰিত বিগত কিছুদিন ধৰি দিনে-নিশাই বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই গঞা ৰাইজক আতংকিত কৰি ৰাখিছে। চামগুৰিৰ বাঘবৰালি, ৰঙাগড়া, ৰঙামাটি, বুঢ়া-বুঢ়ী, চৰণবস্তী, গেন্ধালি, উদমাৰি, কেঁকোৰাচুক আদি বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ এটা ১৫০ জনীয়া বৃহৎ জাকে চলাই আহিছে উপদ্ৰৱ। বনৰীয়া হাতীৰ জাকটোৱে কেইবাদিন ধৰি চামগুৰিৰ গাঁও সমূহৰ পথাৰৰ ধান খাই তহিলং কৰাৰ লগতে মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিছে।

বন বিভাগে বনৰীয়া হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সাফল্য লাভ কৰাত ব্যৰ্থ হৈছে। সোমাবাৰে নিশা বন বিভাগৰ লোকে বনৰীয়া হাতীৰ জাকটো কাৰ্বি পাহাৰৰ দিশে খেদি পঠিওৱা চেষ্টা চলাইছিল যদিও পুৱতি নিশা পুনৰ বনৰীয়া হাতীৰ জাকটো অঞ্চলটোলৈ উভতি আহে। নিশা বন বিভাগে চলোৱা অভিযান সফল নোহোৱাত পুনৰ মঙলাবাৰে নিশা সংশ্লিষ্ট বিভাগটোৰ অৰ্ধশতাধিক বিষয়া-বনৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত বিয়লি ভাগৰ পৰা ব্যাপক ৰূপে আৰম্ভ কৰে হাতী খেদা অভিযান।

শালনা আঞ্চলিক বন বিষয়া গৰাকীৰ নেতৃত্বত উদমাৰি আৰু চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ লগতে নগাঁও সদৰ বন কাৰ্যালয়ৰ পৰা অহা বিষয়া-বনকৰ্মী সকলে শূণ্যলৈ গুলী চালনা কৰি, ফটকা ফুটাই বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ অভিযান চলায়। ইফালে স্থানীয় ভুক্তভোগি ৰাইজেও হাতে-হাতে জোৰলৈ সহযোগ কৰে বন বিভাগৰ অভিযানকাৰী দলটোক।

অৱশ্যে মঙলাবাৰে বন বিভাগ আৰু স্থানীয় ৰাইজে বনৰীয়া হাতীৰ বৃহৎ জাকটো বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় যদিও খাদ্যৰ সন্ধানত জাকটো পুনৰ জনাঞ্চললৈ ঘুৰি নাহিব তাক কিন্তু নুই কৰিব পৰা নাযায়। যাৰ বাবে এতিয়া চৰম শংকা আৰু নিৰাপদহীনতাৰ মাজত নিশা যাপন কৰিবলৈ বাধ্য হৈছে বৃহত্তৰ অঞ্চলটোৰ গঞা ৰাইজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply