চামগুৰিৰ গীৰ্জাই গীৰ্জাই বিধায়ক ৰকিবুল হুছেইন

চমগুৰি – পবিত্ৰ বৰদিন উপলক্ষে চামগুৰিৰ গীৰ্জাই গীৰ্জাই বিধায়ক ৰকিবুল হুছেইন। বৰদিনৰ প্ৰাৰ্থনাত অংশগ্ৰহণ বিধায়ক গৰাকীৰ। প্ৰতিটো গীৰ্জাত মিঠাই বিতৰণ ৰকিবুল হুছেইনৰ।

আজি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ বৰদিন। সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমতো প্ৰতিবছৰে উলহ মালহৰে উদযাপন কৰা হয় বৰদিন। এইবাৰ কিন্ত কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোক সকলে বহু নীতি-নিৰ্দেশনাৰ মাজেৰে উদযাপন কৰে বৰদিন।

অসমৰ বিভিন্ন প্ৰান্তত থকা খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোক সকলোও কভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ মাজেৰে বৰদিন উদযাপন কৰা পৰিলক্ষিত হয়। বৰদিন উপলক্ষে নগাঁও জিলাৰ চমগুৰিত কংগ্ৰেছ নেতা তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক পুৱাৰ ভাগতে দেখিবলৈ পোৱা যায় চামগুৰিৰ গীৰ্জা ঘৰ সমূহত।

মুখত মাস্ক লগাই ৰকিবুল হুছেইন বৰদিনৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে চামগুৰিৰ কেইবাখনো গীৰ্জাত। চামগুৰিৰ বৰদল, উডমাৰী, ৰঙাগড়া অঞ্চলৰ গীৰ্জা ঘৰত উপস্থিত হৈ ৰকিবুল হুছেইনে বৰদিনৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি সকলোকে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

বিধায়ক গৰাকীয়ে বৰদিন উপলক্ষে প্ৰতিটো গীৰ্জাত মিঠাই বিতৰণ কৰে। উল্লেখ্য যে এইবাৰ কৰ’ণা মহামাৰীৰ বাবে বৰদিনকলৈ ৰাইজৰ মাজত দেশবলৈ পোৱা নগ’ল পূৰ্বৰ দৰে উৎসাহ। গীৰ্জা ঘৰ সমূহতো যথেষ্ট কম সংখ্যক লোকৰ অংশগ্ৰহণেৰে বৰদিনৰ প্ৰাৰ্থনা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,269 other subscribers

Leave a comment

Leave a Reply