চামগুৰি – চামগুৰিৰ গেন্ধালি আদৰ্শ গাঁৱত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। পুৱতি নিশা দুটাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীয়ে। নিশা হ’লেই চামগুৰিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে চলাই উপদ্ৰৱ। ১৫০ জনীয়া বনৰীয়া হাতীৰ এটা বৃহৎ জাকে চামগুৰিৰ বিভিন্ন ঠাইত অৱস্থান কৰি আছে।

নগাঁও জিলাৰ চামগুৰিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি বনৰীয়া হাতীয়ে দিনে-নিশাই উপদ্ৰৱ চলাই আহিছে। বিশেষকৈ নিশাৰ ভাগত জাকে জাকে বনৰীয়া হাতী বনাঞ্চলৰ পৰা ওলাই আহি পথাৰৰ ধান খাই উপদ্ৰৱ চলাই আহিছে চামগুৰিৰ অঞ্চল সমূহত। সোমবাৰে নিশাৰ ভাগত চামগুৰিৰ গেন্ধালি আদৰ্শ গাঁৱত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই দুটাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। বনৰীয়া হাতীৰ উপদ্ৰৱত গেন্ধালি আদৰ্শ গাঁৱৰ ৰাইজে উৰে নিশাই উজাগৰে কটাব লগীয়া হয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে চামগুৰিৰ হাঁহচৰা আৰু বৰালীগাঁৱৰ পথাৰত দিন দুপৰতে বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰি আতংকৰ সৃষ্টি কৰিছিল। হাঁহচৰা আৰু বৰালীগাঁৱৰ খেতি পথাৰত দিন দুপৰতে বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ ফলত কৃষক ৰাইজ বিপদত পৰিছিল। বনৰীয়া হাতীৰ উপদ্ৰৱৰ মাজতো হাঁহচৰা আৰু বৰালীগাঁৱৰ পথাৰ সমূহত অধিকাংশ খেতি কৃষকে চপাবলৈ চেষ্টা অব্যাহত কৰে যদিও একাংশ খেতি পথাৰৰ পকা ধান বনৰীয়া হাতীৰ জাকে খাই তহিলং কৰে।

নগাঁও জিলাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাইছে। বিশেষকৈ পথাৰৰ ধান পকিবলৈ ধৰাত জনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ জাক ওলাই আহি পথাৰৰ পকা ধান খাই তহিলং কৰিছে। ৰাইজৰ হাজাৰ বাধাকো নেওচি দিন-ৰাতি একাকাৰ কৰি বনৰীয়া হাতীৰ জাকে পথাৰ ধান খাবলৈ প্ৰৱেশ কৰে পথাৰ সমূহত। বিভিন্ন সময়ত দিনৰ ভাগত বন বিভাগে গাঁওবাসীৰ সহযোগত হাতীৰ জাকক বনাঞ্চললৈ খেদিবলৈ সক্ষম হয় যদিও নিশা হ’লেই পুনৰ হাতীৰ জাক ঘূৰি আহি উপদ্ৰপ চলায় গ্ৰামাঞ্চলত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply