চামগুৰি – তেলীয়াগাঁৱত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাহন। ভয়াবহ পথ দুৰ্ঘটনাত আহত হয় কুৰি জনতকৈও অধিক তীৰ্থযাত্ৰী। কয়লা ভৰ্তি ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয় তীৰ্থযাত্ৰী লৈ যাত্রা কৰা বাছৰ।
নগাঁও জিলাৰ পুৰণিগুদামৰ তেলীয়াগাঁৱত শুকুৰবাৰে সংঘটিত হয় এক ভয়াবহ পথ দুর্ঘটনা। তীৰ্থযাত্ৰী লৈ যাত্ৰা কৰা এখন বাছ দুর্ঘটনাগ্ৰস্ত হোৱাত আহত হয় কুৰি জনতকৈও অধিক তীৰ্থযাত্ৰী। নিশাৰ কয়লা ভৰ্তি এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় তীৰ্থযাত্ৰী লৈ যাত্ৰা কৰা এখন বাছ।
এএছ-০১-জিচি-৫৮৭৩ নম্বৰৰ কয়লা ভৰ্তি ট্ৰাক এখনৰ লগত এএছ-০১-জি চি-৩৯৪৯ নম্বৰৰ তীৰ্থযাত্ৰী নিয়া বাছখনৰ মুখামুখি সংঘৰ্ষ হয়। জানিব পৰা মতে তীৰ্থযাত্ৰীৰ দলটো শিৱসাগৰৰ পৰা কামৰূপ জিলাৰ মিৰ্জালৈ আহি আছিল। পথ দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে তৎপৰতাৰে আঘাতপ্ৰাপ্ত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
পথ দুৰ্ঘটনাৰ পিছতে নিশা কেইবা ঘণ্টা ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানযতৰ সৃষ্টি হয়। ঘাইপথৰ দুয়ো দিশে সহস্ৰাধিক যানবাহান আৱদ্ধ হৈ পৰাত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।