গুৱাহাটী – কলিয়াবৰৰ উপ-মাণ্ডলিক ন্যায়াধীশে অনিৰ্দ্দিষ্টকাললৈ চামগুৰিৰ নীলাপানী হ্ৰদত ১৪৪ ধাৰা জাৰি কৰিছে। শেহতীয়াকৈ মৃত্যু হ্ৰদলৈ ৰূপান্তৰিত হোৱা চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰি গাওঁ পঞ্চায়তত থকা এই নীলাপানী হ্ৰদ বা পেৰাডাইজ হ্ৰদত ১৪৪ ধাৰা জাৰি কৰা হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ এই হ্ৰদটোৰ পানীতে সলিল সমাধি ঘটিছিল দুগৰাকীকৈ যুৱকৰ। ইতিমধ্যেই বিগত মাহত গুৱাহাটীৰ বিকি কলিতা নামৰ এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ পিছত বিগত সপ্তাহত আন এগৰাকী আয়নাভ হাজৰিকা নামৰ যুৱকৰ মৃত্যু ঘটে।

এই হ্ৰদটোৰ নীলা পানীয়ে পৰ্যটকক শেহতীয়াকৈ ব্যাপকভাৱে আকৰ্ষিত কৰি আহিছে যদিও শেহতীয়া বিক্ষিপ্ত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই হ্ৰদটোৰ এলেকাত ১৪৪ ধাৰা জাৰি কৰিছে। এই ধাৰা অনিৰ্দ্দিষ্ট কাললৈ অব্যাহত থাকিব।

– নীলাপানী হ্ৰদত নমা, জঁপিওৱা, সাতোৰা সম্পূৰ্ণৰূপে নিষিদ্ধ।

– সংশ্লিষ্ট এলেকাত সুৰাপান/ড্ৰাগছ সেৱন নিষিদ্ধ

৮ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱা এই নিৰ্দেশনা উলংঘা কৰাৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply