গোলাঘাট: গ্ৰাম্য তথা চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক দিশৰ লগতে অনান্য দিশতো যাতে অধিক আগুৱাই নিব পাৰি তাৰবাবেই আৰম্ভ হৈছে সজাগতা মূলক অনুষ্ঠান | আজি গোলাঘাটৰ বৰজান চাহ বাগিচাত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখনি আকস্মিক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুস্থিত কৰা হয়।
বৰজান শিক্ষা -সাংস্কৃতিক বিকাশ কেন্দ্র আৰু পুথিভঁৰালৰ উদ্যোগত বৰজানৰ সামুহিক ভৱনত অনুষ্ঠিত এই আকস্মিক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাত অঞ্চলটোৰ ৭ খন বিদ্যালয়ৰ প্ৰায় ২ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আকস্মিক বক্তৃতাৰ বিচাৰক হিচাপে চোটজান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰতিভা তাঁতী গোলাঘাট বিশিষ্ট চিত্ৰ প্ৰশিক্ষক মঞ্জিত ৰাজখোৱা উপস্থিত থকাৰ লগতে আমন্ত্রিত অতিথি হিছাপে উত্তৰ কমাৰবন্ধা গাওঁ পঞ্চায়তৰ সভাপতি ৰাজু তাঁতী উপস্থিত থাকে।