কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট দাখিল

নিউজ ডেস্ক– বাজেটত অসমৰ বাবে দ্বিতীয়টো পেকেজৰ ঘোষণা। চাহ শ্ৰমিকৰ উন্নয়ণৰ বাবে ১০০০হাজাৰ কোটি ধাৰ্য কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। আজি সদনত বিত্ত মন্ত্ৰী গৰাকীয়ে দাখিল কৰিলে ২০২১-২২ বৰ্ষৰ বিত্তীয় বাজেট।

অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে ১০০০হাজাৰ কোটি টকা ধাৰ্যৰ ঘোষণা কৰিলে নিৰ্মলা সীতাৰমণে।

৫ৰাজ্যৰ বিধান সভা নিৰ্বাচনক লৈ বিশেষ দৃষ্টি বাজেটত।

আনহাতে দেশৰ ৰে’লৱে খণ্ডলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিশেষ ঘোষণা। ৰে’লৱে খণ্ডৰ বাবে ১,১০,০৫৫কোটি টকাৰ ধাৰ্য। মেক ইন ইণ্ডিয়াৰ লক্ষ্য অধিক সবল কৰা হব ৰেলৱে খণ্ড। ২০৩০চনলৈ ৰেলৱে খণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰে। চেন্নাই, কৌচি, নাগপুৰ, নাচিকত নতুন মেট্ৰ ৰে’ল লাইন। মেট্ৰ ৰেল সেৱা স্থাপনৰ ক্ষেত্ৰত ৰাজ্যসমূহক আগতকৈ অধিক সহায় কৰিব কেন্দ্ৰই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply