চাহ শ্ৰমিকৰ মজুৰি ১৬৭ পৰা ২১৭ লৈ বৃদ্ধিত অনুমোদন কেবিনেটৰ Credit: প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: অসম চৰকাৰে চাহ শ্ৰমিকৰ মন জয় কৰাৰ উদ্দেশ্যেৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ১৬৭ টকাৰ পৰিৱৰ্তে ২১৭ টকালৈ বৃদ্ধি কৰে । চাহ শ্ৰমিক সকলে দীৰ্ঘদিন ধৰি তেওলোকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছিল ৷

আনহাতে ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ মজুৰি নিৰ্ণয়ৰ বাবে গঠন এজনীয়া কমিটী গঠনৰ সিদ্ধান্ত লয় কেবিনেটত ৷ আয়ুক্ত সচিব জে বি এক্কাৰ নেতৃত্বত গঠিত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত নিৰ্ণয় হ’ব ক্ষুদ্ৰ শ্ৰমিকৰ মজুৰি ৷

ৰাজ্যৰ মুঠ ৫৮০ গৰ‍াকী হাইস্কুল শিক্ষকৰ চা‍কৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত লোৱাৰ লগতে ৫৭ খন স্কুলত কৰ্মৰত ১০১ গৰাকী কাৰিকৰী শিক্ষকৰ দৰমহা ২৮ হাজাৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০ বছৰৰ অধিক কাল কৰ্মৰত কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধি। ASDMAৰ অধীনত কৰ্মৰত ডাটা অপাৰেটৰৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ উপৰি শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ক ২৮০ বিঘা ভূমি আবণ্টন। ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ বাবে ১০ বিঘা মাটি আবণ্টন দিয়াত কেবিনেটে সিদ্ধান্ত লয়।

বিশেষ ভাৱে সক্ষম লোকৰ বাবে ৮ হাজাৰ হুইল চকী ক্ৰয়ৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে ৷ আনহাতে

বড়োলেণ্ডৰ বাবে সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ পূৰ্বৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা পাৰ্বত্য উন্নয়ন বিভাগৰ সলনি এতিয়াৰে পৰা পৃথক পৃথক ষষ্ঠ অনুসূচীৰ অধীনত থাকিব দুটাকৈ বিভাগ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply