বিশ্বনাথ: ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন সংগঠন সমূহে চৰকাৰক বিভিন্ন দাবীৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰিছে | বুধবাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাঁও চাহ বাগিছাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখনি জিলা ভিত্তিক কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত চৰকাৰে চাহ শ্ৰমিকৰ মজুৰী ৩৫১ টকা ৩৩ পইচা লৈ বৃদ্ধিৰ কৰাৰ বাবে দাবী উপস্থাপন কৰে |

উক্ত সভাতেই চাহ শ্ৰমিকে বসবাস কৰা ভেটি মাটিৰ পট্টা প্ৰদান কৰা,চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক সকলক অনুসূচিত জনজাতিৰ স্বীকৃতি দিয়া,শ্ৰম আইন সংশোধন কৰি চাহ শ্ৰমিকৰ কামৰ সময় ৮ ঘন্টাৰ পৰিবৰ্তে ১২ ঘন্টালৈ বৃদ্ধি কৰাৰ দাবীত এই কৰ্মশালা অনুষ্ঠিত কৰা হয়।

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত যৌথ সংগ্ৰাম সমিতিৰ বিহালীৰ বৰগাঁও চাহ বাগিছাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কৰ্মশালা

কৰ্মশালাত যৌথ সংগ্ৰাম সমিতিৰ অংশীদাৰ সংগঠন আদিবাসী ছাত্ৰ সন্থা,সদৌ অসম আদীবাসী মহিলা সমিতি,অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ‌‌‌ আৰু অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ কৰ্মকৰ্তা সকলে অংশ গ্ৰহণ কৰে। কৰ্মশালাত পৰ্যালোচক হিচাপে জেকটোৱাৰ মুখ্য আহ্বায়ক বিবেক দাস আৰু গংগা পৰাজুলিয়ে অংশগ্ৰহণ কৰে | বিজেপি চৰকাৰে চাহ শ্ৰমিকক দিয়া প্ৰতিশ্ৰুতি সমূহ ৰূপায়ন নামত কৰা প্ৰতাৰণাৰ কৰা বুলি বক্তব্য ৰাখে | উক্ত বৈঠকতে ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ পাপ্য দাবী সমূহ কাৰ্যকৰী কৰিবলৈ দাবী জনাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply