যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন

বিশ্বনাথ – বিশ্বনাথস্থিত চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ একাদশ স্মৃতি উদ্যানখন দেওবাৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। এই উপলক্ষে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিষ্ণু উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বিধায়ক গৰাকীয়ে বিশ্বনাথবাসীৰ এটা দীৰ্ঘদিনীয়া আশা পুৰণৰ লগতে যিসকলৰ মৃত্যু হৈছিল সেইসকলৰ স্মৃতি সজীৱ হৈ ৰ’ব বুলি উল্লেখ কৰে।

সভাত বিশ্বনাথ জিলা পৰিষদৰ সদস্য সত্যেন্দ্ৰনাথ হাজৰিকা, বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষা স্বপনা বৰা দাস, অৱসৰপ্ৰাপ্ত অভিযন্তা কোষেশ্বৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক হেৰেম্ব শইকীয়াকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে বিশ্বনাথ সমষ্টিৰ বিধায়ক পুঁজিৰে নিৰ্মিত তথা ১৯৬৩ চনৰ ৩১ জানুৱাৰীত বিদ্যালয়ৰ সৰস্বতী পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটা ১১ জনকৈ শিক্ষক আৰু ছাত্ৰ সকলৰ পবিত্ৰ স্মৃতিত এই একাদশ স্মৃতি উদ্যান নিমাৰ্ণ কৰা হয়।

সভাত ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটা ক্ৰমে হলধৰ হাজৰিকা, বিশ্বনাথ সাহা, তৰুণ বৰা হৰেণ গোস্বামী, যতীন মেধি, টংকেশ্বৰ ফুকন, খৰ্গেশ্বৰ সুত, কোষেশ্বৰ কলিতা, চন্দ্ৰেশ্বৰ শৰ্মা, লক্ষেশ্বৰ শৰ্মা বৰুৱা, ভৱেন শৰ্মাৰ পৰিয়ালৰ লোক উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,276 other subscribers

Leave a comment

Leave a Reply