শিল্পগ্ৰাম মহোৎসৱ Credit: ইষ্ট ম'জ'

গুৱাহাটী– চাৰিদিনীয়া কাৰ্যসূচীৰে পাঞ্জাবাৰীত থকা শিল্পগ্ৰামত আয়োজন কৰা হৈছে শিল্পগ্ৰাম মহোৎসৱ। অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব এই মহোৎসৱৰ। বাৰেৰহনীয়া কলা শিল্প, প্ৰদৰ্শনী আৰু পৰম্পৰাগত খাদ্যমেলা, লোকসংগীত,নৃত্যৰ সমাহাৰ ঘটিব এইবাৰৰ শিল্পগ্ৰাম মহোৎসৱত।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত উত্তৰ -পূবৰ আঠখন ৰাজ্যৰ লোক সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰাগত কলাক তুলি ধৰিব এই অনুষ্ঠানত। ইয়াৰ উপৰিও ইয়াক সংবধন, সংৰক্ষণ আৰু বিকাশ সাধনৰ উদ্দেশ্যে প্ৰতিষ্ঠা হোৱা উত্তৰ -পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰৰ এটা বিশেষ শাখা শিল্পগ্ৰামৰ ১৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰিছে।

শিল্পগ্ৰামৰ ভাৰপ্ৰাপ্ত বিষয়া অলিভাৰ টি পংগেনে জানিবলৈ দিয়া মতে এইবাৰৰ অনুষ্ঠানত উত্তৰ পূবৰ আঠখন ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় লোকশিল্পীৰ দল, অসমৰ লোকশিল্পীৰ দলে নৃত্য গীত পৰিবেশন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply