তেজপুৰ– শোণিতপুৰ জিলা সাংবাদিক সন্থাই জিলাখনৰ চাৰিজন সাংবাদিকলৈ আগবঢ়াইছে সদৌ অসম সাংবাদিক সন্থাৰ অধীনৰ বঁটা । সাংবাদিক নিৰ্মল দাস সোৱৰণী অনুসন্ধান মূলক সাংবাদিকতা বঁটা ৰঙাপৰাৰ সাংবাদিক পংকজ নাথলৈ ,সৰ্বানন্দ শইকীয়া সোঁৱৰণী গ্ৰাম সাংবাদিকতা বঁটা তেজপুৰ যুৱ সাংবাদিক অপূৰ্ব বৰালৈ, চন্দ্ৰকান্ত দাস সোঁৱৰণী বঁটা পৰিবেশ সাংবাদিক বঁটা ফণীন্দ্ৰ বৰুৱালৈ আৰু বাদল হাজৰিকা সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে দিব্যজ্যোতি নাথলৈ ।
দেওবাৰে শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যালয় সন্থাৰ বঁটা নিৰ্বাচন সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। অহা ২১ ফেব্ৰুৱাৰী হ’বলগীয়া শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ অধিৱেশনত এই বঁটা প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে শোণিতপুৰ জিলা সাংবাদিক সন্থাই।