তেজপুৰ– এম বি বি এছ অথবা এম ডি বুলি কোনো কথা নাই, চিকিৎসা বিদ্যাৰ জ্ঞান থাকিলেই, এতিয়াৰে পৰা সকলো বেমাৰৰ চিকিৎসা প্ৰদান কৰিব পাৰিব চিকিৎসক সকলে ৷ এল’পেথি চিকিৎসা- অস্ত্ৰোপচাৰ আদি সকলো প্ৰকাৰৰ চিকিৎসা, আয়ুৰ্বেদিক আৰু হোমিঅ’পেথি চিকিৎসক সকলেও প্ৰদানৰ কৰাৰ কৰ্তৃত্ব লাভ কৰিব ৷
ভাৰতত আয়ুৰ্বেদিক চিকিৎসাৰ লগত আধুনিক শৈল্য় চিকিৎসা পদ্ধতিক একত্ৰিত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ এই নতুন নিৰ্দেশনাৰ বিৰোধিতাত আজি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভাৰতীয় চিকিৎসক সন্থা, তেজপুৰ শাখাৰ অন্তৰ্গত চিকিৎসকসকলে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত প্ৰতিবাদ প্ৰতিবাদ সাব্য়স্ত কৰে।

ভাৰত চৰকাৰৰ স্বাস্থ্যমন্ত্ৰণালয়ৰ এই হঠকাৰী সিদ্ধান্তৰ এনে ব্য়ৱস্থাই অনাগত দিনত স্বাস্থ্য ক্ষেত্ৰলৈ ভাবুকি আনিব বুলিও চিকিৎসক সকলে মন্তব্য় কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত আই এম এৰ অসম ৰাজ্যিকৰ সভাপতি সত্যজিত বৰাৰ লগতে তেজপুৰ শাখাৰ চিকিৎসক সন্থাৰ সদস্য সকল উপস্থিত থাকে।