গুৱাহাটী- চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনযোৰা সাধনাৰ স্বীকৃতি স্বৰূপে ২০২০চনৰ প্ৰণৱ বৰুৱা শিল্পী বটাঁ আগবঢ়োৱা হৈছে প্ৰবীণ চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মালৈ। প্ৰতিবছৰে উত্তৰ পূবৰ একোজন শিল্পীলৈ এই বটাঁ আগবঢ়াই অহা হৈছে।
২০০২ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বটাত আছে এটি স্মাৰকৰ সৈতে এখনি প্ৰশস্তি পত্ৰ আৰু নগদ ২৫হাজাৰ টকা।
এই বঁটা ইতিমধ্য়ে অসমৰ যশস্বী শিল্পীক প্ৰদান কৰা হৈছে। শোভা ব্ৰহ্ম, বেণু মিশ্ৰ, নীলপৱন বৰুৱা, আদ্য শৰ্মা, বীৰেণ সিংহ, ননী বৰপূজাৰী, পুলক গগৈ, জীতেন হাজৰিকা, জনক ঝংকাৰ নাৰ্জাৰী, কুশকান্ত দেৱগোস্বামী, ৰবিৰাম ব্ৰহ্ম, ত্ৰৈলোক্য দত্ত, চালেহা আহমেদ, মণিপুৰ টি টম্বি সিং, কুলচন্দ্ৰ এম থেম, ত্ৰিপুৰাৰ শিল্পী চিন্ময় ৰয়, মিজোৰাম চিত্ৰশিল্পী ট্ৰাং ৰখুমা আৰু অৰুণাচল প্ৰদেশৰ চিত্ৰ আৰু ভাস্কৰ্য শিল্পী টাকাৰ ৰিবাক লৈ আগবঢ়োৱা হৈছে এই বঁটা।