চিৰাং – চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত কয়লা ময়লাত শুকুৰবাৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আদৰ্শ মহাবিদ্যালয় এখনৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাত উপস্থিত থাকি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে যে, বিটিআৰ অঞ্চলৰ প্ৰধান সমস্যা হৈছে যাতায়াত, নদীৰ গৰাখহনীয়া, স্বাস্থ্য ব্যৱস্থা আৰু ভূমিৰ অধিকাৰ।
মন্ত্ৰী গৰাকীয়ে শিক্ষা, ক্ৰীড়া, সংস্কৃতি ৰক্ষাৰে মানৱ সম্পদ গঢ়ি পৰিকল্পিত কাম কৰাৰ প্ৰয়োজন বুলি মত ব্যক্ত কৰে। পাঁচ বছৰৰ ভিতৰত বিটিআৰ অঞ্চলৰ উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কোকৰাঝাৰত ইতিপূৰ্বে চৰকাৰী মহাবিদ্যালয় স্থাপন হোৱাৰ পাছত দ্বিতীয়খন চৰকাৰী মহাবিদ্যালয় কয়লা ময়লাত স্থাপন কৰা হ’ব। পৰৱৰ্তী সময়ত তামুলপুৰ আৰু ওদালগুৰিতো দুখন চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপন কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।
চিৰাংৰ কয়লা ময়লাৰ লন্ঠিবাৰীত স্থাপন হ’বলগীয়া নিছিমা আদৰ্শ মহাবিদ্যালয়খন অহা ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পাছতে কলা আৰু বিজ্ঞান শাখাৰ মহাবিদ্যালয়খনৰ শিক্ষা বৰ্ষ আৰম্ভ হ’ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত বিটিআৰৰ চল্লিশটা সমষ্টিতে একোখনকৈ মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও ব্যক্ত কৰে। বিটিআৰত প্ৰমোদ বড়োই খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমিৰ পট্টা প্ৰদান কৰি যুগান্তকাৰী কাম কৰাৰ বিপৰীতে একাংশ লোকে উচ্ছদ কৰিব বুলি প্ৰচাৰ চলোৱা কাৰ্যৰ তীব্ৰ সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে।
ইপিনে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধান সভা নিৰ্বাচনত বিটিআৰ অঞ্চলত ইউ পি পি এলৰ নেতৃত্বত বিজেপি আৰু জি এছ পিয়ে নিৰ্বাচনী মিত্ৰতা কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই দেশে বিগত স্বাধীনতা লাভৰ পাছত কয়লা ময়লাত এখন উচ্চ শিক্ষাৰ অনুষ্ঠান স্থাপন হোৱাই অঞ্চলটোলৈ আমূল পৰিৱৰ্তন আনিব বুলি মত ব্যক্ত কৰে।
তেঁও লগতে কয় যে বিটিচিত বিপিএফ দলে শিক্ষা অনুষ্ঠান অনাত ব্যৰ্থ হৈছিল। নিছিমা অঞ্চলৰ শিক্ষাৰ্থী সকলে বিজনী আৰু বঙাইগাঁও মহাবিদ্যালয়ত ২৫ কিলোমিটাৰ পথ অতিত্ৰমী উচ্চ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। বিটিআৰ চুক্তিৰ জৰিয়তে বিটিআৰ অঞ্চলত শান্তি ঘূৰি অহাৰ পাছত বিটিচি প্ৰশাসনে সকলো জাতি গোষ্ঠীৰ মাজত উন্নয়নৰ কাম কৰিবলৈ আগবাঢ়িছে বুলি মন্তব্য কৰি এতিয়া বিটিআৰত উত্তৰ অঞ্চলৰ পৰা উন্নয়নৰ কাম আৰম্ভ কৰিব বুলিও মত ব্যক্ত কৰে প্ৰমোদ বড়োই।
চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, উপাধ্যক্ষ অভিৰাম মহানায়ক, পৰিষদীয় সদস্য প্ৰদীপ কুমাৰ বায়ন, মাধৱ চন্দ্ৰ ছেত্ৰী, জিলা উপায়ুক্ত গৌতম তালুকদাৰ, আৰক্ষী অধীক্ষক সুধাকৰ সিং, বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসৰ লগতে কেইবা হাজাৰ লোক উপস্থিত থাকে। সভাৰ আদৰণি ভাষণ প্ৰদান কৰে চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱে।