চিৰাং – চিৰাংত দুষ্প্ৰাপ্য বনৰৌসহ গ্ৰেপ্তাৰ চাৰিজন। বিক্ৰীৰ বাবে অনা দুষ্প্ৰাপ্য বনৰৌসহ গ্ৰেপ্তাৰ চাৰিজন। বন বিভাগ আৰু এছ এছ বিৰ যৌথ অভিযানত এই সফলতা।
চিৰাংত বন বিভাগ আৰু ১৫ নং বেটেলিয়েনৰ এছ এছ বিৰ যৌথ অভিযানত দুষ্প্ৰাপ্য বনৰৌসহ গ্ৰেপ্তাৰ হৈছে চাৰিজনকৈ লোক। দুষ্প্ৰাপ্য বনৰৌ বিক্ৰীৰ বাবে মেঘালয়ৰ পৰা চিৰাং হৈ কোকৰাঝাৰ লৈ নিয়াৰ পথত আটক হয় চাৰিজন লোক।
চিৰাং জিলাৰ কাজলগাঁৱত বন বিভাগ আৰু এছ এছ বিৰ জোৱান সকলে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এই সাফল্য লাভ কৰে। এএছ-১৬-জি-৫১৮৫ নম্বৰৰ বিলাসি গাড়ী এখনেৰে ৮ কেজি ওজনৰ দুষ্প্ৰাপ্য বনৰৌটো বিক্ৰীৰ বাবে নিয়াৰ অৱস্থাত আটক হয় চাৰিজনকৈ লোক।
বন্যপ্ৰাণী সৰবৰাহকাৰী চাৰিজন হৈছে ক্ৰমে গোৱালপাৰা জিলাৰ ধুপধৰাৰ আদৰ্কিৰ বাসিন্দা প্ৰেণ্ডি চাংমা, কোকৰাঝাৰ জিলাৰ চক্ৰশিলাৰ আব্দুৰ ৰহিম, কোকৰাঝাৰৰ প্ৰদিপ নাথ আৰু ৰাহুল ৰায়। বন্যপ্ৰাণী সৰবৰাহৰ লগত জড়িত লোক চাৰিজনক গ্ৰেপ্তাৰ কৰি চিৰাং বন সংমণ্ডৰ কাৰ্যালয়ত ৰাখি জেৰা অব্যাহত ৰাখিছে বন বিভাগে।