চিৰাং – বিদ্যালয় প্ৰাদেশীকৰণৰ দাবীত চিৰাংত অপ্ৰাদেশীকৃত বিদ্যালয় শিক্ষক সকলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। বি টি আৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদনা কৰা আশ্বাস পালন কৰক শিক্ষামন্ত্ৰী বুলি আহ্বান প্ৰতিবাদকাৰী শিক্ষক সকলৰ।

এফালে শুকুৰবাৰে ৰাজ্যৰ শিক্ষা বিভাগে একেদিনাই নিযুক্তি প্ৰদান কৰিলে ২৯ হাজাৰ শিক্ষকক আৰু আনফালে চাকৰি নিয়ামীয়াকাৰণ আৰু বিদ্যালয় প্ৰাদেশীকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষকে। শিক্ষা বিভাগৰ সৰ্ববৃহৎ নিযুক্তি প্ৰদান কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নিযুক্তি দিয়ে ২৯ হাজাৰ শিক্ষকক, শনিবাৰে আকৌ নিযুক্তি পত্ৰৰ দাবীত চিৰাং জিলাত প্ৰতিবাদত বহে শিক্ষক।

বিদ্যালয় প্ৰাদেশীকৰণৰ দাবীত চিৰাংত অপ্ৰাদেশীকৃত বিদ্যালয় শিক্ষক সকলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী শিক্ষক সকলে বি টি আৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদনা কৰা আশ্বাস পালন কৰাৰ বাবে শিক্ষামন্ত্ৰীক আহ্বান জনায়। প্ৰতিবাদকাৰী শিক্ষক সকলে ইচ্ছু ডেট প্ৰত্যাহাৰ কৰি ইফেক্ট ডেট বাহাল ৰাখি ০১-০১-০৬ চন লৈ বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰি একে লগে একে দিনা নিযোগ পত্ৰ দিব লাগে বুলি দাবী জনায়।

প্ৰতিবাদকাৰী এগৰাকী শিক্ষকে কয় যে “আমি আমি শিক্ষক হিচাপে নিয়োজিত হৈ আছোঁ কিন্তু আমি শিক্ষকৰ স্বীকৃতি পোৱা নাই। ২০-৪০ বছৰ ধৰি শিক্ষকতা কৰি আমি এতিয়া বুঢ়া হ’লো। এতিয়া অন্তত চৰকাৰে আমাক শিক্ষকৰ স্বীকৃতি প্ৰদান কৰক”। বি টি আৰ অঞ্চলতো ০১-০১-০৬ চনলৈ সকলো শিক্ষক-শিক্ষয়িত্ৰীক নিয়োগ পত্ৰ একে তাৰিখত দিব লাগে। বি টি আৰৰ অন্তৰ্গত বিদ্যালয় সমূহৰ নিযুক্তি প্ৰণালি ৫+১ আৰু ৬+১ কৰি সকলোৰে জীয়াই থকাৰ সুবিধা কৰি দিব লাগে চৰকাৰখনে বুলিও শিক্ষক সকলে চৰকাৰক আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply