চিৰাং – চিৰাং জিলাৰ বিজনীৰ ২ নং দৈলংঝাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ। বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰে ২ নং দৈলংঝাৰত।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। উজনিৰ পৰা নামনিলৈকে বনৰীয়া হাতীয়ে জনাঞ্চলৰ পৰা ওলাই আহি বনাঞ্চলত প্ৰৱেশ কৰি পথাৰৰ ধান খাই তহিলং কৰাৰ লগতে মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰি উপদ্ৰৱ চলাই থকা পৰিলক্ষিত হৈছে। বনৰীয়া হাতীৰ উপদ্ৰৱে বহু ঠাইত নিদ্ৰা হৰিছে ৰাইজৰ।
বুধবাৰে নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায় চিৰাং জিলাৰ বিজনীৰ ২ নং দৈলংঝাৰত। বনৰীয়া হস্তীটোৱে ২ নং দৈলংঝাৰ গাঁৱৰ বিধৱা মহিলা দয়মন্তী বৰ্মনৰ লগতে ৰঞ্জিত ভৰালী আৰু নিৰেন বৰ্মন নামৰ দুজন লোকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। বনৰীয়া হাতীটোৱে লগতে ঘৰত থকা ভঁৰালৰ ধান আৰু চাউল খাই তহিলং কৰে।
বনৰীয়া হাতীয়ে আক্ৰমণ চলাই নিৰেন বৰ্মন নামৰ লোকজনৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাত নিৰেন দাসৰ পত্নী পাঁচ সন্তানসহ গৃহহীন হৈ পৰিছে। নিৰেন দাস কৰ্মসূত্রে বহিঃৰাজ্যত থাকে ফলত তেওঁৰ পত্নীয়ে আশ্ৰয় বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে। সংবাদ মাধ্যমৰ জৰিয়তে নিৰেন দাসৰ পত্নীয়ে আশ্ৰয় বিচাৰি চৰকাৰক আহ্বান জনাইছে।
ইফালে বনৰীয়া হাতীটোৱে ১ নং দৈলংঝাৰ গাঁৱৰ প্ৰভাত বৰ্মন নামৰ অন্য এজন লোকৰ ১০০ ৰো অধিক তামোল গছৰ বাগানত প্ৰৱেশ কৰি ব্যাপক ক্ষতি সাধন কৰে। অঞ্চলটোত প্ৰায়েই বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়। হাতীৰ উপদ্ৰপৰ কথা বিষ্ণুপুৰ বনবিভাগত অৱগত কৰাৰ পিছতো বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।