চিৰাং – চিৰাংৰ ভাৰত – ভূটান সীমান্তত আজি আৰক্ষীয় বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰে। এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে মাটিৰ তলত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰে এই সামগ্ৰীখিনি।

তথ্য অনুসৰি, এটা একে৫৬ ৰাইফল, এটা কাৰ্বাইন ৰাইফল আৰু সাতটা ঘৰুৱাভাৱে নিৰ্মিত পিষ্টল উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰিও বৃহৎ পৰিমাণৰ সক্ৰিয় বুলেট আৰু কিছু মেগজিনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে জিলাখনৰ আমলাইগুৰি, ৰুণিখাটা আৰু ৰাণীপুৰ গাওঁৰ সমীপৰ পৰা এই সামগ্ৰীখিনি উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে একেখন গাঁৱৰ দুটা অঞ্চলত অভিযান চলাইছিল ৷ আৰক্ষীয়ে উদ্ধাৰ কৰা মাৰণাস্ত্ৰৰ ভিতৰত আছে দুটা মেগজিনৰ সৈতে এটা একে ৪৭, ৭.৬৫ এম এম সজীৱ গুলি ৫০ টা, এটা পেন পিষ্টল ৷

জিলাখনৰ আন এটা অঞ্চলৰ পৰা এটা মেগজিনৰ সৈতে ৯ এম এম কাৰ্বাইন, মেগজিনৰ সৈতে ৭ টা কৈ ৯ এম এম পিষ্টল, দুটা চাইনিজ হেণ্ড গ্ৰেণেড, ২৫ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

আনহাতে আজি বিয়লি ২ বজাত চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য‍ালয়ত আয়োজিত এক সংবাদ মেলত জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে কয় যে বিগত দিনৰ পৰা পোৱা খবৰ অনুসৰিয়েই আৰক্ষীয়ে আজি পুৱা প্ৰায় ৬.৩০ বজাৰ পৰা ৯.৩০ বজালৈ দুঠাইত অভিযান চলাই গাত খান্দি মাৰণাস্ত্ৰ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ এই অভিযানত সহযোগ কৰে চিৰাং জিলা(সদৰ) অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, জিলা (সদৰ) উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাস, ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মই ৷ অৱশ্যে ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নেতৃত্বত চলা এই অভিযানত কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে ।

আনহাতে বিগত সময়ছোৱাত এইসমূহ মাৰণাস্ত্ৰ চিৰাং জিলাত সক্ৰিয় হৈ থকা উগ্ৰপন্থী সংগঠন এন ডি এফবিৰ এইসমূহ মাৰণাস্ত্ৰ বুলি সন্দেহ কৰা হৈছে । সংগঠনটোৰ বিৰুদ্ধে চলা সেনাৰ অভিযান আৰু শেষলৈ হোৱা শান্তি চুক্তিৰ পাছত পুতি থোৱা বুলি সন্দেহ কৰা হৈছে ৷

উল্লেখযোগ্য যে বিটিচি নিৰ্বাচনৰ আগে আগে এই ধৰণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা ঘটনা আৰক্ষীৰ বাবে এক বৃহৎ সফলতা বুলি পৰিগণিত হৈছে । ইয়াৰ পূৰ্বেও চিৰাঙত বিটিআৰ শান্তি চুক্তিৰ পিচত তিনিবাৰকৈ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল সেনা-আৰক্ষীয়ে ৷ আনহাতে জিলাখনত অধিক মাৰণাস্ত্ৰ উদ্ধাৰৰ ক্ষেত্ৰত সেনা-আৰক্ষীয়ে গোপনে অভিযান অব‍্যাহত ৰাখিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply