চিৰাংৰ বেংতল শালবাৰী গাঁৱৰ এগৰাকী শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ

চিৰাং – চিৰাংৰ বেংতল শালবাৰী গাঁৱৰ এগৰাকী শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ। কেইবাবিঘা ভূমিত ষ্ট্ৰবেৰী খেতিৰে যুৱক গৰাকীয়ে নিজকে স্বাৱলম্বী কৰাৰ লগতে আনকো দিছে কৰ্মসংস্থাপন। যুৱক গৰাকীৰ সাফল্যই উৎসাহ যোগাইছে অন্য শিক্ষিত যুৱক সকলকো। বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক কনক ৰায়য়ে পৰিদৰ্শন কৰিলে যুৱক গৰাকীৰ ষ্ট্ৰবেৰী খেতি।

চিৰাং জিলাৰ অতিকে ভিতৰুৱা অঞ্চল বেংতল শালবাৰী গাঁৱৰ শিক্ষিত যুৱক অমৰ সিং বসুমতাৰীয়ে অঞ্চলটোৰ ষ্ট্ৰবেৰী খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে। স্নাতকৰ মহলা উত্তীৰ্ণ হৈ চাকৰীৰ পিছে পিছে দৌৰি নুফুৰি যুৱক গৰাকীয়ে আৰম্ভ কৰিছে কৃষি কৰ্ম। কলেজত পঢ়ি থকা সময়ৰ পৰাই কৃষি কৰ্মৰ প্ৰতি দাউতি আছিল অমৰ সিং বসুমতাৰীৰ। কলেজীয়া শিক্ষা সমাপ্ত কৰি ওদালগুৰীৰ বন্ধু এজনৰ পৰা অমৰ সিং বসুমতাৰীয়ে ষ্ট্ৰবেৰী খেতিৰ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছতে হিমাচল প্ৰদেশৰ পৰা ষ্ট্ৰবেৰীৰ পুলি আনি তিনিবিঘা ভূমিত আৰম্ভ কৰে ষ্ট্ৰবেৰীৰ খেতি।

যোৱা বছৰ লক ডাউনৰ বাবে অমৰ সিং বসুমতাৰী বিপাঙত পৰিছিল যদিও ষ্ট্ৰবেৰী খেতি কৰি লোকচান হোৱা নাছিল অমৰ সিং বসুমতাৰীৰ। প্ৰতি বিঘা ভূমিত ষ্ট্ৰবেৰী খেতিৰ বাবে ৭০ ৰ পৰা ৮০ হেজাৰ টকা খৰচ হয় যদিও বিঘাই প্ৰতি ৫ ৰ পৰা ৬ লাখ টকা আয় কৰিব পাৰি ষ্ট্ৰবেৰী খেতিৰ জৰিয়তে। এই ক্ষেত্ৰত কৃষি বিভাগে বিভিন্ন দিশত পৰামৰ্শ দিয়াৰ লগতে সহায়ো কৰে বুলি জানিবলৈ দিয়ে অমৰ সিং বসুমতাৰীয়ে। নিজে এই কৃষি কৰ্মৰে স্বাৱলম্বি হোৱাৰ লগতে নিজৰ খেতিত গাঁৱৰ বহু লোকক কৰ্ম সংস্থাপন দিবলৈও সক্ষম হৈছে বুলিও জানিবলৈ দিয়ে অমৰ সিং বসুমতাৰীয়ে।

অমৰ সিং বসুমতাৰীৰ কৃষি সাফল‍্য দেখি আপ্লুত বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক কনক ৰায়। বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক গৰাকীয়ে কয় যে এয়া সঁচাকৈ অসমৰ কৃষি বিভাগৰ বাবে ভাল খবৰ। শিক্ষিত যুৱক সকল কৃষিৰ বাবে আগবাঢ়ি আহি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। যিসকল নতুনকৈ খেতি কৰিব বিচাৰে তেওঁ লোকক বিভাগীয়ভাৱে সকলো সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কনক ৰায়ে। যি সকল শিক্ষিত যুৱক-যুৱতী কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী তেওঁ লোক আগবাঢ়ি আহিলে অমৰ সিং বাসুমতাৰীয়ে সহায় কৰিহ বুলিও জানিবলৈ দিয়ে।

কৃষি বিভাগেৰ ফালৰ পৰাও শিক্ষিত যুৱক-যুৱতী সকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি আছে। প্ৰয়োজন মাত্ৰ কৃষি কৰ্মৰ ক্ষেত্ৰত শিক্ষিত যুৱক-যুৱতী সকলৰ আগ্ৰহ। ৰাজ‍্যত কৃষি বিপ্লৱৰ বাবে শিক্ষিত যুৱক-যুৱতী সকলক নিয়োজিত কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনেও বিভিন্ন ধৰণৰ সহায় কৰাৰ আঁচনি প্ৰস্তুত কৰিছে। এতিয়া মাত্ৰ অপেক্ষা শিক্ষিত যুৱক-যুৱতী সকলৰ আগবাঢ়ি অহালৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply