ধৃত আলী আকবৰৰ উদ্ধাৰ হোৱা ড্ৰাগছখিনি

গুৱাহাটী – চিৰাং জিলাত আৰক্ষীৰ অভিযানত কালি এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ লগতে কিছু নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰা হয়।

মঙলবাৰে দুপৰীয়া চিৰাং জিলা আৰক্ষীয়ে ঢালিগাঁও অঞ্চলত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহকাৰী গৰাকী গ্ৰেপ্তাৰ হোৱাৰ লগতে নিচাযুক্ত সামগ্ৰীখিনি উদ্ধাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী গৰাকী আলী আকবৰ (৩৬) বুলি চিনাক্ত কৰা হয়।

আনহাতে, অভিযানকালত আৰক্ষীৰ দলটোৱে নিচাজাতীয় সামগ্ৰীৰ আঠটা প্লাষ্টিকৰ কণ্টেইনাৰ আৰু দুটা মোবাইল হেণ্ডছেট জব্দ কৰাৰ লগতে ৩৩৪০ টকা উদ্ধাৰ কৰে।

তদুপৰি এ এছ ১৬ জি ৫৯৬৪ নম্বৰৰ এখন মটৰ চাইকেলো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply