নিউজ ডেক্স: সমগ্ৰ দেশৰ লগতে আজি চিৰাং জিলাতো ক’ভিড ১৯ ৰ প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভ কৰা হয় | চিৰাং জিলাৰ সদৰস্থিত জোহৌলাও শ্বৌমলা বসুমতাৰী অসামৰিক চিকিৎসালয়ত জিলাখনৰ চিকিৎসককে ধৰি স্বাস্থ্য কৰ্মীক এই প্ৰতিষেধক প্ৰদান কৰা হয় |
কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা Covisheild নামৰ ঔষধৰ ছিটা প্ৰদান অনুষ্ঠানত চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, বিশ্ব স্বাস্থ্য সংস্থাৰ ক্ষেত্ৰীয় সঞ্চালক ডাঃ হীৰেণ গগৈ, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি ডাঃ পলাশ তালুকদাৰ, জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাতুল চন্দ্ৰ বৰদলৈ, জিলা প্ৰতিষেধক বিষয়া ডাঃ সনাতন দাস, জোহৌলাও শ্বৌমলা বসুমতাৰী চিকিৎসালয়ৰ অধ্যক্ষ মনোজ দাস সহ ভালে সংখ্যক লোক উপস্থিত থাকে |
কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বিনামূলীয়াকৈ প্ৰদান কৰা প্ৰতিষেধক আজি চিৰাং জিলাত প্ৰথম পৰ্যায় আৰু শুভাৰম্ভ অনুষ্ঠানত মুঠ এশ গৰাকী চিকিৎসা কৰ্মীক প্ৰদান কৰা হ’ব বুলি স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাতুল চন্দ্ৰ বৰদলৈয়ে প্ৰকাশ কৰিছে | সম্পূৰ্ণ চৰকাৰী নিৰ্দেশনী অনুযায়ী আজি ক’ভিড ১৯ ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা হয় |

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত কৰোনা ভেকচিনৰ শুভ আৰম্ভ হয় |
বিশ্বনাথত প্ৰথম পৰ্য্যায়ত বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত শণিবাৰে ১০০ গৰাকী ক’ৰনা যোদ্ধাক কৰোনা ভেকচিন প্ৰদান কৰা হব।প্ৰথম পৰ্যায়ত ১৩৬ গৰাকী ক’ভিড যোদ্ধাক এই প্ৰতিষেধক প্ৰদান কৰা হব।
শণিবাৰে বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত এই কৰোনা যোদ্ধাক ভেকচিন প্ৰদান কৰা সময়ত উপস্থিত থাকে মহকুমা চিকিৎসালয়ৰ বিষয়া কৰ্মচাৰী সকল।বিশ্বনাথ মহকুমা চিকিৎসালয়ত এই প্ৰক্ৰিয়া সম্পন্ন কৰাত তত্বাবধায়ক হিচাপে দায়িত্বত থাকে ড০ দুলু মণি শইকীয়া।

নগাওঁ জিলাৰ কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড ভেকছিন পৰীক্ষামুলক ভাবে স্বাস্থ্য কৰ্মী, ডাক্তৰ আৰু নাৰ্চ সকলক প্ৰদান কাৰ্য্যসূচী আৰম্ভ হৈছে । মহামাৰীক প্ৰতিৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে পৰীক্ষামুলক ভাবে কভিড ভেকচিন আজি প্ৰদান কৰা হব।
নগাওঁ জিলাৰ দুঠাইত ক্ৰমে নগাওঁ অসামৰিক চিকিৎসালয় আৰু কঠীয়াতলী স্বাস্থ্য কেন্দ্ৰত পৰীক্ষামুলক ভাবে ক’ভিড যুদ্ধা সকল স্বাস্থ্য কৰ্মী, ডাক্তৰ আৰু নাৰ্চ সকলক প্ৰদান কৰা হব। আজিৰ এই কাৰ্য্যসূচীত উপস্থিত থাকে অতিৰিক্ত উপাযুক্ত গৰ্গ মোহন দাস, চক্ৰ বিষয়া সংগীতা বৰঠাকুৰ।এই কাৰ্য্যসুচীৰ প্ৰথম ভেকছিন লয় মহকুমা স্বাস্থ্য বিষয়া ড: ৰমেন বেজবৰুৱাই।