চিৰাং – চিৰাংত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান৷ ছাপাগুৰিত চিৰাং আৰক্ষী আৰু এচ এচ বিৰ যৌথ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে এজন লোক। বিজনীৰ কাৱাটিকাৰ ছানোৱাৰ ৰহমান(২৪) নামৰ লোক জনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা ৩০ ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ জব্দ কৰে চিৰাং আৰক্ষীয়ে।
আৰক্ষীয়ে ছানোৱাৰ ৰহমানৰ পৰা এটা মোবাইল ফোন, দুটা ছিৰিঞ্জ, নগদ ৫০০/ টকা, এএচ ১৯ এম ৩৩৯৩ নম্বৰৰ বাহনো জব্দ কৰে। চিৰাং জিলা (সদৰ)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত বুধবাৰে নিশা এইসমূহ ড্ৰাগছখিনি জব্দ কৰে।
উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা চিৰাং জিলাত আৰক্ষীয়ে ধাৰাবাহিক ভাবে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । ইফালে বহু পৰিমাণৰ ড্ৰাগছৰ সৈতে কে’বাজনো লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।