চিৰাং– বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ মাজতেই চিৰাঙত উত্তপ্ত পৰিস্থিতি। ইউপিপিএল আৰু বিপিএফ কৰ্মীৰ মাজত ভয়ংকৰ সংঘাত।
আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ গুলীচালনা কৰে। চিৰাঙৰ দত্তপুৰত সংঘটিত হৈছে এই ঘটনা। বৰ্তমানেও উত্তেজনা অব্যাহত আছে |
কালি নিশা বাওঁখুংগ্ৰী সমষ্টিৰ নাইগাঁৱত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ গাড়ীত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। ইয়াৰ পিছতেই আজি চিৰাঙত সংঘটিত হোৱা এই ঘটনাই জোকাৰিছে সমগ্ৰ বিটিচিক।