চিৰাং– চিৰাঙৰ পাণবাৰীত মাৰনাস্ত্ৰ উদ্ধাৰ। পানবাৰী থানাৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ-পশ্চিমত থকা আমলাইগুৰীৰ গাঁৱৰ জংঘলৰ মাজত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰনাস্ত্ৰবোৰ।
আৰক্ষীয়ে উদ্ধাৰ কৰে ২টা একে৫৬ৰাইফল, দুটা মেগজিন, এটা এম ২০ পিষ্টল, এটা মেগজিন, ৫৫ জাঁই সজীৱ গুলী আৰু ২ জাঁই ৯এম এমৰ সজীৱ গুলী।
চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এই সন্দৰ্ভত কয় যে গোপন তথ্যৰ ভিত্তিত চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত বিজনী মহকুমা আৰক্ষী বিষয়া শ্বেখৰজ্যোতি ৰায়,পাণবাৰী থানাৰ অচি উত্তম কুমাৰ দলে আৰু ১৫৬ বেটেলিয়ন চিআৰপিএফৰ গোটেই নিশা চলা যৌথ অভিযানত শুকুৰবাৰে পুৱা ৪বাজি ৩০ মিনিটত উদ্ধাৰ মাৰনাস্ত্ৰবোৰ।
উদ্ধাৰ হোৱা অস্ত্ৰ সমূহ এনডিএফবিৰ বুলি সন্দেহ কৰে আৰক্ষীয়ে। বৰ্তমান এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জনায় আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।