নিউজ ডেস্ক: প্ৰায় ৩০ বছৰৰ পাছত গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানা নতুনকৈ ৫টা প্ৰাণী অনা হৈছে। অসমৰ পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সোমবাৰে চিৰিয়াখানাত জন্তুকেইটা মুকলি কৰে।

জানিব পৰামতে মহীশূৰৰ পৰা দুটা জেব্ৰা আৰু মেণ্ডাৰিয়ান হাঁহ অনা হৈছে, লগতে পাটনাৰ পৰা এটা মাইকী জিৰাফ অনা হৈছে। মাইকী জিৰাফটোৰ বয়স ৫ বছৰ আৰু জেব্ৰা দুটাৰ বয়স ক্ৰমে ১ আৰু ৩ বছৰ।


বনমন্ত্ৰী গৰাকীৰ লগতে আজি চিৰিয়াখানাত উপস্থিত থাকে অসম ৰাজ্যিক চিৰিয়াখানা ডিএফঅ’ অশ্বিনী কুমাৰ, PCCF & HoFF এম.কে যাদৱকে ধৰি অন্যান্য বিষয়াসকল ।
গতিকে এতিয়াৰে পৰা যিসকল দৰ্শনাৰ্থীয়ে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ যাব তেওঁলোকে এই নতুন জন্তু কেইটা দৰ্শন কৰিব পাৰিব।