গুৱাহাটী – অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা দুটাকৈ ঘোং (ব্লেক পেন্থাৰ) ৰিলায়েন্স গ্রুপৰ ‘গ্ৰীন জুল’জিকেল’লৈ প্ৰেৰণ কৰা ঘটনা সন্দৰ্ভৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। চিৰিয়াখানাৰ ঘোং (ব্লেক পেন্থাৰ) ৰিলায়েন্স গ্রুপলৈ প্ৰেৰণ কৰা কাৰ্যক গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছে।
অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা দুটাকৈ ঘোং (ব্লেক পেন্থাৰ) ৰিলায়েন্স গ্রুপৰ ‘গ্ৰীন জুল’জিকেল’লৈ প্ৰেৰণ কৰা সন্দৰ্ভত চিৰিয়াখানাৰ ডিএফঅ’ গৰাকীয়ে মত প্ৰকাশ কৰিছে যে, সম্পূৰ্ণ চৰকাৰী নীতি নিয়মেৰে প্ৰেৰণ কৰা হৈছে দুয়োটা ঘোং (ব্লেক পেন্থাৰ)। কেন্দ্ৰীয় চিৰিয়াখানাৰ অনুমতি সাপেক্ষে প্ৰেৰণ কৰা হৈছে ঘোং (ব্লেক পেন্থাৰ) দুটা৷ ঘোংৰ (ব্লেক পেন্থাৰ) বিনিময়ত ইজৰাইলৰ পৰা গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব ৪ টাকৈ জেব্ৰা৷
চিৰিয়াখানাৰ ডিএফঅ’ গৰাকীৰ মতৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অভিযোগ কৰিছে যে চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ পত্ৰত জন্তু বিনিময় কৰাৰ কোনো কথাই উল্লেখ নেই। প্ৰদেশ কংগ্ৰেছে এই সন্দৰ্ভত ৰাজ্য চৰকাৰক তদন্ত কৰাৰ আহ্বান জনাইছে।
চিৰিয়াখানাৰ কর্তৃপক্ষৰ পত্ৰ মতে ঘোং (ব্লেক পেন্থাৰ) দুটা প্ৰদৰ্শনৰ বাবে ৰিলায়েন্স গ্রুপৰ ‘গ্ৰীন জুল’জিকেল’লৈ প্ৰেৰণ কৰা হৈছে। প্ৰদেশ কংগ্ৰেছে সেইহে প্ৰদৰ্শনৰ পিছত ঘোং (ব্লেক পেন্থাৰ) দুটা অসমলৈ ঘূৰাই অনা হ’ব নে নাই বুলি প্ৰশ্ন কৰিছে। বিশ্বব্যাপী কৰ’ণা মহামাৰীৰ এই সময়ছোৱাত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা কেনেকৈ জন্তু নিয়া হ’ল বুলিও প্ৰশ্ন কৰে কংগ্ৰেছে।