গুৱাহাটী – চিৰিয়াখানাৰ ঘোং (ব্লেক পেন্থাৰ) ঘূৰাই অনাৰ দাবীত প্ৰতিবাদ। চিৰিয়াখানাৰ গেটৰ সন্মুখত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উত্তাল প্ৰতিবাদ। চিৰিয়াখানাত বন্যপ্ৰাণীৰ মৃত্যু আৰু বন্যপ্ৰাণী সন্ধানহীন হোৱা ঘটনাৰ দাবীও উত্থাপন কৰে চিৰিয়াখানা সুৰক্ষা মঞ্চই।
যোৱা ১২ জানুৱাৰীত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা দুটাকৈ ঘোং (ব্লেক পেন্থাৰ) গুজৰাটত থকা এক ব্যক্তিগত চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ বিৰুদ্ধে দেওবাৰে চিৰিয়াখানা সুৰক্ষা মঞ্চই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। চিৰিয়াখানাৰ গেটৰ সন্মুখত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কর্মী সকল একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে গুজৰাটৰ ব্যক্তিগত চিৰিয়াখানাৰ পৰা ঘোং (ব্লেক পেন্থাৰ) দুটা অসম ৰাজ্যিক চিৰিয়াখানালৈ ঘূৰাই অনাৰ দাবী জনায়। চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই চৰকাৰী চিৰিয়াখানাৰ পৰা এক ব্যক্তিগত চিৰিয়াখানালৈ বন্যপ্ৰাণী কেনেকৈ প্ৰেৰণ কৰিব পাৰি বুলি প্ৰশ্ন উত্থাপন কৰে। ইফালে চিৰিয়াখানাৰ ভূমি এক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে।
বিগত সময়ছোৱাত চিৰিয়াখানাত বন্যপ্ৰাণী সমূহৰ মৃত্যুৰ ঘটনা তদন্ত কৰাৰ দাবীও জনায় প্ৰতিবাদকাৰী সকলে। চিৰিয়াখানাৰ পৰা বহু বন্যপ্ৰাণী সন্ধানহীন হোৱাৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে। প্ৰতিবাদকাৰী সকলে চিৰিয়াখানা ৰক্ষাৰ বাবে ৰাইজ ওলাই আহিবলৈও আহ্বান জনায়।