গুৱাহাটী: এইবাৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা দুটাকৈ ব্লেক পেন্থাৰ ৰিলায়েন্স গ্রুপৰ ‘গ্ৰীন জুল’জিকেল’লৈ প্ৰেৰণ কৰা হৈছে | ডিএফঅ’ মতে, সম্পূৰ্ণ চৰকাৰী নীতি নিয়মেৰে প্ৰেৰণ কৰা হৈছে দুয়োটা ব্লেক পেন্থাৰ।কেন্দ্ৰীয় চিৰিয়াখানাৰ অনুমতি সাপেক্ষে প্ৰেৰণ কৰা হৈছে ব্লেক পেন্থাৰ দুটা৷ ব্লেক পেন্থাৰৰ বিনিময়ত ইজৰাইলৰ পৰা গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব ৪টাকৈ জেব্ৰা ৷
অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত চিৰিয়াখানা কৰ্তৃপক্ষই ইয়াক অস্বীকাৰ কৰাৰ লগতে নীতি নিয়মৰ মাজেৰে দুটাকৈ ব্লেক পেন্থাৰ আম্বানীৰ ৰিলায়েন্স গ্রুপৰ ‘গ্ৰীন জুল’জিকেল’লৈ পঠোৱাৰ কথা স্বীকাৰ কৰে ৷ ইয়াৰ বিপৰীতে চৰকাৰী নীতি উলংঘাৰে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ডিএফঅ’ই দুটা ব্লেক পেন্থাৰ স্থানান্তৰৰ অভিযোগ উত্থাপন হৈছে৷