নগাঁও – চি চি টিভি কেমেৰা সংস্থাপনকলৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। নগাঁও জিলাৰ ডিমৰুগুৰিত এটা চি চি টিভি কেমেৰা সংস্থাপনকলৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া৷ মহিলাই স্নান কৰা স্থানৰ ওচৰতে চি চি টিভি কেমেৰা সংস্থাপন কৰা কাৰ্যৰ প্ৰতিবাদ কৰা প্ৰতিবেশী মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ।

নগাঁও জিলাৰ ডিমৰুগুৰিত মহিলাই স্নান কৰা ঠাইৰ ওচৰত এটা চি চি টিভি কেমেৰা সংস্থাপন কৰাকলৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া৷ মহিলাই স্নান কৰা ঠাইৰ ওচৰত চি চি টিভি কেমেৰা সংস্থাপন কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ বাবে সুজিত দে’ নামৰ এজন ব্যক্তিয়ে মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

নগাঁও ডিমৰুগুড়িৰ অনিল বৰা পথৰ সমীপতে সুজিত দে’ নামৰ ব্যক্তিজনে সীমাৰ পকী দেৱালতে নীতি বহিৰ্ভূত ভাৱে নিৰ্মাণ কৰিছে এটা বাসগৃহ কিন্তু বাসগৃহৰ পিছ ফালৰ দেৱালত সুজিত দে’ এটা চি চি টিভি কেমেৰা সংস্থাপন কৰাকলৈ প্ৰতিবেশী মহিলাই জাঙুৰ খাই উঠিছে।

উল্লেখ যে সুজিত দে’ বাসগৃহৰ পিছফালে বসবাস কৰা দুটাকৈ দুখীয়া পৰিয়াল মহিলা সকলে স্নান কৰা স্থানৰ দৃশ্য সংগ্ৰহ হোৱাকৈ লগাইছে চি চি টিভি কেমেৰাটো৷ বহুবাৰ প্ৰতিবেশী মহিলা সকলে চি চি টিভি কেমেৰা সেই স্থানৰ পৰা আতৰাই নিবলৈ অনুৰোধ কৰিছিল যদিও কোনো গুৰুত্ব নিদিলে সুজিত দে’৷

আনকি ইয়াৰ প্ৰতিবাদ কৰা মহিলাক অশালীন ব্যৱহাৰ কৰাৰ লগতে প্ৰতিবেশীৰ সন্তানক অপহৰণ কৰাৰ ভাবুকি দিয়াৰো অভিযোগ উঠিছে সুজিত দে’ৰ বিৰুদ্ধে। ইয়াৰ উপৰি বাসগৃহটোৰ পিছফালে থকা পৰিয়াল কেইটা অহা যোৱা কৰা পথলৈ গা ধোৱা ঘৰৰ পানী এৰিদি অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰিছে সুজিত দে’ নামৰ ব্যক্তিজনে বুলি অভিযোগ কৰিছে মহিলা সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply