নিউজ ডেক্স: আন্তৰাষ্ট্ৰীয় মহলৰ বিভিন্ন হেঁচাৰ বাবেই ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ মূল উৎস বিচাৰি তদন্ত চলাবলৈ চীনলৈ যাবলৈ ওলাইছে বিশ্ব স্বাস্থ্য সংস্থাৰ এটি দল | দীৰ্ঘ দিনৰ পৰা বাধা প্ৰদান কৰি অহা চীনে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়ববীয়াৰ দলটোক দেশখনত প্রৱেশ কৰাৰ অনুমতি দিব বুলি ঘোষণা কৰিছে |
চীনৰ এই সিদ্ধান্তৰ পিছতে আন্তর্জাতিক সংস্থাটোৱে ইয়াক আদৰণি জনাইছে৷ বৃহস্পতিবাৰে ক’ভিড–১৯ৰ মূল উৎস বিচাৰি বিশ্ব স্বাস্থ্য সংস্থাৰ আন্তর্জাতিক বিশেষজ্ঞৰ দল চীনত উপস্থিত হ’ব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্রোছ আধানম ঘেব্রিয়েছাছে এই কথা উল্লেখ কৰিছে |
চীনে এইক্ষেত্রত সহযোগিতা আগবঢ়ালে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ কেনেদৰে মানৱ সমাজলৈ ঘটিল তাক নির্ণয় কৰাটো সম্ভৱ হ’ব পাৰে৷ লক্ষণীয়ভাৱে চীনে বিশ্ব স্বাস্থ্য সংস্থাৰ দলক দেশখনত প্রৱেশৰ ক্ষেত্রত বাৰে বাৰে বিলম্ব ঘটোৱা বিষয়টোক লৈ অলপতে টেড্রোছে গভীৰ হতাশা ব্যক্ত কৰিছিল৷ চীনৰ শেহতীয়া ঘোষণাক লৈ আশাবাদী হৈ পৰিছে টেড্রোছ৷