নিউজ ডেস্ক: চীনে ভাৰতৰ সীমাত নিজৰ আধিপত্য বিস্তাৰ কৰা ঘটনা পুনৰ পোহৰলৈ আহিছে |চীনৰ আৰু পূব লাডাখৰ সীমা বিবাদৰ মাজতে এইবাৰ অৰুণাচল প্ৰদেশৰ এখন ফটো পোহৰলৈ আহিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ছেটেলাইটৰ পৰা তোলা এখন ফটোত দেখা গৈছে যে, চীনে অৰুণাচলপ্ৰদেশত এখন নতুন গাঁও নিৰ্মাণ কৰিছে। যিখন গাঁৱত নিৰ্মাণ কৰিছে প্ৰায় ১০১টা ঘৰ।
যোৱাবৰ্ষৰ ১ নবেম্বৰত তোলা এই ফটোখন লৈ বিশেষজ্ঞৰ সৈতে ৰাষ্ট্ৰীয় সংবাদমাধ্যম এনডিটিভিয়ে আলোচনা কৰাৰ পিছত এই গাঁওখন ভাৰতৰ সীমান্তৰ ৪.৫ কিলোমিটাৰ ভিতৰত অৱস্থিত। যি ভাৰতৰ বাবে অতি চিন্তাৰ কাৰণ। উল্লেখ্য যে, এই গাঁওখন আছে আপাৰ সোৱণশিৰি জিলাৰ তসাৰী চু নদীৰ পাৰত। এই এলেকাটোক লৈ দুয়োখন দেশৰ মাজত দীৰ্ঘ সময়ৰ পৰা বিবাদ চলি আছে ।