লখিমপুৰ- শনিবাৰে লখিমপুৰ জিলাৰ বগীনদীৰ লক্ষ্মীনাৰায়ণ ক্ষেত্ৰত আয়ােজিত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বি-বার্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে অংশগ্রহণ কৰে।
সভাত মুখ্যমন্ত্রীগৰাকীয়ে চুতীয়া ছাত্র সন্থাই ইয়াৰ প্রতিষ্ঠা কালৰে পৰা গ্ৰহণ কৰি অহা ভূমিকাৰ শলাগ লৈ কয় ,” জনগােষ্ঠীটোৰ ৰাইজে এই সংগঠনটোক কিমান মৰমেৰে আকোঁৱালি লৈছে আজিৰ জনসভাত ৰাইজৰ উপস্থিতিয়েই সেয়া প্রমাণ কৰে।”
ৰাজ্যখনৰ কৰ্ম সংস্কৃতিৰ বাতাৱৰণ শক্তিশালী কৰাৰ লগতে নৱ প্ৰজন্মক অধ্যয়নৰ জৰিয়তে দৃঢ় ৰূপত আগুৱাই নিয়াত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লগতে ৰাজ্যখনৰ ছাত্র সংগঠনসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ এই মঞ্চৰ পৰাই এই জাতিটোৰ ভৱিষ্যতৰ পৰিকল্পনা প্রস্তুত কৰিব লাগিব। |
বীৰাঙ্গনা সাধনীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে গােলাঘাটত এখন বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ পদক্ষেপ গ্রহণ কৰাৰ লগতে সতী সাধনী দিৱসৰ দিনটোক ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘােষণা কৰাৰ কথাও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।
লগতে আজিৰ এই মুকলি সভাত ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাই চুতীয়া জাতিৰ ইতিহাস, পৰম্পৰা আদি বিভিন্ন দিশৰ তথ্য সমৃদ্ধ ইতিবৃত্ত দাঙি ধৰে। চুতীয়া জনগােষ্ঠীৰ লগতে অসমৰ আন ৫ টা জনগােষ্ঠীৰ জনজাতিকৰণৰ দাবীক ন্যায্য দাবী বুলি অভিহিত কৰি তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে অতিশীঘ্ৰেই এই জনগােষ্ঠী কেইটাক জনজাতি হিচাপে ঘােষণা কৰিব বুলি তেওঁ আশাবাদী।
বর্তমানৰ চৰকাৰৰ কাৰ্যকালত চুতীয়া জনগােষ্ঠীৰ আর্থ-সামাজিক বিকাশৰ বাৰে বহুকেইটা শক্তিশালী পদক্ষেপ গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এটা জনগােষ্ঠীক সকলাে দিশতে আগুৱাই নিবলৈ হলে মার্থে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপলৈকে অপেক্ষা নকৰি জাতিটোৰ প্ৰতিগৰাকী সদস্যই নিজ নিজ দায়িত্ব আৰু কৰ্তব্য সুচৰুৰূপে পালনতা মনােনিৱেশ কৰিব লাগিব। সদৌ চুতীয়া জাতি ছাত্র সন্থাই পূৰ্বৰ দিনবােৰৰ দৰেই অনাগত সময়তাে জনগােষ্ঠীটোৰ প্রাপ্য অধিকাৰ সুনিশ্চিত কৰাৰ দিশত শক্তিশালী ভূমিকা গ্ৰহণ কৰি যাব বুলি মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে।।
অনুষ্ঠানত ভাষণ প্রদান কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী নৱ কুমাৰ দলেই কয় যে অসমৰ ভৱিষ্যতক ন ৰূপত গঢ় দিয়াত নবীন প্রজন্মৰ ভূমিকাই হৈছে আটাইতকৈ গুৰুত্বপূর্ণ। বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ প্ৰতিটো জাতি জনগােষ্ঠীৰ ঐতিহ্য, পৰম্পৰা সংৰক্ষণৰ দিশত আৰম্ভণিৰে পৰা বলিষ্ঠ পদক্ষেপ গ্রহণ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে চুতীয়া জনগােষ্ঠীৰ পৱিত্ৰ দিন সতী সাধনী দিৱস ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যিক ভিত্তিত আড়ম্বৰপূৰ্ণভাৱে উদ্যাপন কৰি আহিছে। আজিৰ এই অধিৱেশন অনুষ্ঠিত হােৱা লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ সােৱণশিৰিৰ পাৰৰ ৫০ বিঘা মাটিত লক্ষ্মীনাৰায়ণ ক্ষেত্র নামৰ এক বৃহৎ প্রকল্প স্থাপনৰ পদক্ষেপৰ কথাও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে।
এই সভাত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ লগতে সাংসদ প্রদান বৰুৱা, লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্ত, ধেমাজিৰ বিধায়ক ৰণােজ পেগু, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া, অসম চাহ নিগমৰ অধ্যক্ষ তথা সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় কুমাৰ বৰা, জ্যোতি চিত্ৰনৰ অধ্যক্ষ পবিত্র মাৰ্ঘেৰিটা প্রমুখ্যে কৰি চুতীয়া জনগােষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়াসকল আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্রতিনিধিসকল উপস্থিত থাকে।