karbi anglong
বৈঠালাংছুৰ কুদাম ৰংহাং গাঁৱৰ চাৰ্থে ৰংহাং আৰু বাচাপী ক্ৰ’পীৰ ঘৰ

যোৱা ২২ এপ্ৰিলত সংঘটিত ৰাজ্য কঁপোৱা ১২ বছৰীয়া কাৰ্বি সম্প্ৰদায়ৰ কন্যা শিশুৰ হত্যাকাণ্ডৰ অপৰাধীক ফাঁচী দিয়াৰ দাবী তুলিছে ৰাজ্যৰ কেইবাটাও জনজাতীয় সংগঠনে।

বুধবাৰে সদৌ ভাৰত জনজাতি ছাত্ৰ সংস্থা, অসম ৰাজ্যিক সমিতি, কুণ্ডীয় মিছন চ’ছাইটি আৰু দেউৰী পিপলছ জাষ্টিছ ফ’ৰাম, অসমৰ লগতে জনজাতীয় সমাজকৰ্মী আৰু আইনী পৰামৰ্শদাতা ৰাজু দেউৰীয়ে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই দাবী তোলে।

সংবাদমেলত সংগঠন কেইটাৰ লগতে আইনী পৰামৰ্শদাতা ৰাজু দেউৰীয়ে অনুসূচীত জাতি/জনজাতি (নৃশংসতা প্ৰতিৰোধ) আইন, ১৯৮৯ৰ অধীনত গোচৰ ৰুজু কৰি হত্যাকাৰীক ফাঁচী দিবলৈ দাবী জনায়।

ইয়াৰ উপৰি অনুসূচীত জাতি/জনজাতি (নৃশংসতা প্ৰতিৰোধ) আইন, ১৯৮৯ৰ অধীনত জিলা উপায়ুক্ত অথবা জিলা কাৰ্যবাহী দণ্ডাধীশ আৰু জিলা আৰক্ষী অধীক্ষক অথবা উপ আৰক্ষী অধীক্ষকক ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন তদন্ত কৰিবলৈও দাবী জনায়।

উল্লেখযোগ্য যে ২২ এপ্ৰিলত নগাঁও জিলাৰ ৰহাত কাৰ্বি সম্পদ্ৰায়ৰ ১২ বছৰীয়া চুমিলা ৰহাংপীৰ সম্পূৰ্ণৰূপে অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হৈছিল।

লগতে পঢ়ক : ১২ বছৰীয়া কাৰ্বি জীয়ৰীৰ হত্যাকাণ্ডই উন্মোচন কৰিছে শিশু নিৰ্য্যাতনৰ ভয়াৱহ ছবি

অভিযোগ অনুসৰি ৰহাৰ প্ৰকাশ বৰঠাকুৰৰ পৰিয়ালে বনকৰা ছোৱালী হিচাপে ৰখা চুমিলাক হত্যা কৰি জ্বলাই দিছিল। ঘটনা সম্পৰ্কত আৰক্ষীয়ে প্ৰকাশ বৰঠাকুৰ আৰু তেখেতৰ পুত্ৰ পুত্ৰ নয়নমণি বৰঠাকুৰক গ্ৰেপ্তাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply