চুৰিৰ সামগ্ৰীসহ নগাঁও আৰক্ষীৰ জালত ৮ জনকৈ গভাইত চোৰ

নগাঁও – চুৰিৰ সামগ্ৰীসহ নগাঁও আৰক্ষীৰ জালত ৮ জনকৈ গভাইত চোৰ। ট্ৰাইবেল সংঘৰ পৰা চুৰি হোৱা বহু সামগ্ৰী উদ্ধাৰ চোৰৰ ঘৰ পৰা। এজন চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে জালত পেলালে অন্য ৭ জনকৈ চোৰক।

চুৰি, ডকাইতি, হত্যাকাণ্ড, নিচাজাতীয় সামগ্রীৰ বেহাৰ লগতে অন্যান্য বহু অপৰাধজনীত ঘটনাৰ ঘটিত পৰিণত হৈছে নগাঁও জিলা। বিভিন্ন অপৰাধজনীত ঘটনাৰে জৰ্জৰিত নগাঁও জিলাখনত বিগত কিছুদিন ধৰি সংঘটিত হৈ আছে এটাৰ পিছত আনটো চুৰিকাণ্ড। চোৰৰ উপদ্ৰৱে নগাঁও আৰক্ষীৰ টোপনি হৰণ কৰাৰ মাজতে আৰক্ষীৰ জালত পৰিছে ৮ জনকৈ গভাইত চোৰ।

নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নজৰুল ইছলাম নামৰ এজন গভাইত চোৰক আটক কৰাৰ লগতে উদ্ধাৰ কৰে ট্ৰাইবেল সংঘৰ পৰা চুৰি হোৱা বহু সামগ্ৰী। ধৃত নজৰুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ দলটোৱে নগাঁৱৰ কাতিমাৰী আৰু চলচলিত পুনৰ অভিযান চলাই ৭ জনকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয়।

ধৃত চোৰ কেইজনৰ ঘৰৰ পৰা আৰক্ষীয়ে কম্পিউটাৰ, ইনভাৰ্টাৰসহ বহু চুৰিৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিবলৈ পৰা মতে নজৰুল ইছলাম নামৰ গভাইত চোৰজনে দীৰ্ঘদিন ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত চুৰিকাণ্ড সংঘটিত কৰি আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply