চিৰাং – চিৰাংত বন বিভাগৰ অভিযানত চোৰাংভাৱে হাৰিয়ানালৈ লোৱাৰ পথত খয়েৰ ভৰ্তি ট্ৰাক জব্দ। চোৰাং খয়েৰ ভৰ্তি ট্ৰাকসহ আটক দুজন।
চিৰাং জিলাৰ কাজলগাঁৱৰ পৰা বন বিভাগে জব্দ কৰিলে চোৰাং খয়েৰ ভৰ্তি ট্ৰাক। ডিমাপুৰৰ পৰা অনা বুলি ভুৱা চালান দেখুৱাই চিৰাংৰ পৰা অবৈধভাৱে হাৰিয়াণা লৈ লোৱাৰ চেষ্টা চলাইছিল চোৰাং খয়েৰ কাঠ সমুহ।
বন বিভাগে আইআৰ-৩৭-ডি-৫৬৬১ নম্বৰৰ চোৰাং খয়েৰ ভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিছে। লোক দুজন হৈছে ক্ৰমে হাৰিয়ানাৰ আম্বালাৰ মন্দিপ সিং আৰু গুৰজিন্দৰ সিং। দুয়োজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বন বিভাগে।
দীৰ্ঘদিন ধৰি চিৰাংৰ পৰা বহি:ৰাজ্যলৈ অবৈধভাৱে চোৰাং খয়েৰ কাঠ প্ৰেৰণ কৰাৰ ঘটনা সংঘটিত হৈ আহিছে। ইতিমধ্যে পূৰ্বেও বন বিভাগে কেইবাখনো চোৰাং খয়েৰ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে।