জুৰীয়া – চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। চোৰাং চিকাৰীৰ কবলৰ পৰা বন বিভাগে উদ্ধাৰ কৰিলে এঘাৰটাকৈ কাম চৰাই। নিশা অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাং চিকাৰীৰ পলায়ন।
নগাঁও জিলাৰ জুৰীয়াৰ ধিং বৰিপথাৰগাঁৱত বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই এঘাৰটাকৈ কাম চৰাই উদ্ধাৰ কৰে। লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত সুতিৰপাৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন বিভাগৰ দলে এক গোপন সূত্ৰৰ পম খেদি জুৰীয়াৰ ধিংবৰিপথাৰগাঁৱত অভিযান চলাই এঘাৰটাকৈ কাম চৰাই উদ্ধাৰ কৰাৰ লগতে চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা অত্যাধুনিক অডিঅ’ প্লেয়াৰ আৰু চাৰিখনকৈ নাওঁ জব্দ কৰে। চোৰাং চিকাৰী দলটোৱে বন বিভাগৰ লোকে অভিযান চলোৱাৰ খবৰ পাই নিশা অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰিবলৈ সক্ষম হয়। সুতিৰপাৰ খণ্ড বন বিষয়া এ.কে. নৌশ্বাদৰ নেতৃত্বত বন বিভাগৰ এটা দলে মঙলবাৰে নিশা অভিযান চলাইছিল।
উল্লেখ্যযোগ্য যে শীতৰ আগমনৰ লগে লগে বিভিন্ন পৰিভ্ৰমী চৰাই লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত থকা জলাশয় সমূহত আশ্ৰয় গ্ৰহণ কৰে। সেই সুযোগতে চৰাই সমূহ নিধনৰ বাবে সক্ৰিয় হৈ পৰে চোৰাং চিকাৰী।