গুৱাহাটী – ৰে’লৰ পৰা আৰম্ভ কৰি মহাকাশ গৱেষণা বিভাগলৈ। অন্ততঃ ৫০ টা চৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা ১৫৭.২৩ কোটি টকা জমা কৰা হৈছে পিএম কেয়াৰ ফাণ্ডত। আৰটিআইৰ মাধ্য়মেৰে জানিব পৰা গৈছে কেৱল ৰে’লকৰ্মীৰ দৰমহাৰ পৰাই ১৪৬.৭২ কোটি টকা গৈছে প্ৰধানমন্ত্ৰীৰ এই বিশেষ পুঁজিলৈ। এই কথা প্ৰকাশ পাইছে দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান দ্য ইণ্ডিয়ান এক্সপ্ৰেছে কৰা এক আৰটিআইৰ পৰা। ৰে’ল বিভাগৰ পিছতেই তালিকাত আছে মহাকাশ গৱেষণা বিভাগ। এই বিভাগৰ কৰ্মীসকলৰ বেতনৰ পৰা জমা কৰা হৈছে ৫.১৮ কোটি টকা।
আৰটিআইৰৰ উত্তৰত মহাকাশ গৱেষণা বিভাগে জনাইছে যে বেতনৰ পৰা নিজৰ সামৰ্থ্য অনুযায়ী কৰ্মীসকলে পিএম কেয়াৰ ফাণ্ডলৈ সাহায্য প্ৰদান কৰিছে। ইফালে বৃহৎ চৰকাৰী প্ৰতিষ্ঠান যেনে, গৃহ মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা, পিএমঅ’, পোষ্ট অফিচ আদিয়ে আৰটিআইৰ উত্তৰ দিয়া নাই। পিএম কেয়াৰ ফাণ্ডৰ দায়িত্বত থকা প্ৰধানমন্ত্ৰীৰ দপ্তৰ বা পিএমঅ’-এ ইয়াৰ পূৰ্বে ইমান দিনে যি সাহায্য জমা কৰিছে তাৰ তথ্য দিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে জনাইছিল যে পিএম কেয়াৰ ফাণ্ড জনগণৰ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনলৈ নাহে। গতিকে যাৱতীয় তথ্য পিএম কেয়াৰ্ছ ডট গভ ডট ইন ৱেবছাইটত পোৱা যাব।
প্ৰসঙ্গ ক্ৰমে, এই ফাণ্ড বিগত ২৮ মাৰ্চত সৃষ্টি কৰা হৈছিল। ক’ৰোনা সংক্ৰমণৰ ফলত দেশজুৰি লকডাউনৰ ফলত জনসাধাৰণৰ সাহায্যাৰ্থে এই ফাণ্ড গঠন কৰিছিল প্ৰধানমন্ত্ৰীয়ে। ৩১ মাৰ্চৰ ভিতৰত ফাণ্ডত ৩,০৭৬.৬২ কোটি টকা জমা হৈছিল। ইয়াৰ ভিতৰত ৩,০৭৫.৮৫ কোটি টকা স্বেচ্ছায় দান কৰা হৈছিল। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ আৰটিআইৰ আবেদনত এইপৰ্যন্ত জনা গৈছে যে মুঠ ২,১০৫ কোটি টকা ৩৮ টা ৰাষ্ট্ৰীয় সংস্থাৰ মাৰফৎত কৰ্প’ৰেট সামাজিক দায়বদ্ধতা হিচাপে পিএম কেয়াৰ ফাণ্ডত জমা কৰিছে। আৰু ২০৪.৭৫ কোটি টকা সাতটা বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ তৰফৰ পৰা জমা কৰা হৈছে। ২১.৮১ কোটি টকা বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ তৰফৰ পৰা আৰু কৰ্মীসকলৰ দৰমহাৰ পৰা কাটি জমা কৰা হৈছে।