গুৱাহাটী – চৰকাৰৰ ব্যৰ্থতাই ৰাজপথত নমালে ছাত্ৰ সমাজক। চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰিলে ছাত্ৰ সমাজে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। চৰকাৰৰ ব্যৰ্থতাক লৈ আগন্তক দিনত প্ৰতিবাদ অধিক তীব্রতৰ কৰি তোলাৰ হুংকাৰ।
গুৱাহাটী মহানগৰীৰ জ’ৰ্জ খেল পথাৰৰ সন্মুখত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত উত্তাল প্ৰতিবাদ। অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা চৰকাৰক তীব্ৰ সমালোচনা প্ৰতিবাদী ছাত্ৰ সমাজৰ।
মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক। প্ৰতিদিনে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। মূল্যবৃদ্ধিয়ে ৰাইজক জলাকলা খুৱাই আছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই চৰকাৰৰ। নিদ্ৰাত মগ্ন চৰকাৰকখনক জগাবলৈ ৰাজপথত নামিবলৈ বাধ্য হ’ল ছাত্ৰ সমাজ।
এফালে যদি খাদ্য সামগ্ৰীৰ মূল্য প্ৰতিদিনে বৃদ্ধি হৈ আছে আনফালে পেট্ৰল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সম্পূৰ্ণ ব্যৰ্থ চৰকাৰ। পেট্ৰলৰ মূল্য শতকৰা ঘৰ স্পৰ্শ কৰাৰ পথত যদিও চৰকাৰ ইয়াক লৈ চিন্তিত নহয়। পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিকলৈ চিন্তিত সর্বসাধাৰ ৰাইজ আৰু চৰকাৰ ব্যস্ত নিৰ্বাচনী প্ৰচাৰ চলোৱাত।
মূল্যবৃদ্ধি চৰকাৰৰ বাবে কোনো সমস্যা নহয় যদিও মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সদৌ গুৱাহাটী ছাত্ৰ সন্থা ৰাজপথত নামি সাব্যস্ত কৰিলে প্ৰতিবাদ। গুৱাহাটী ছাত্ৰ সন্থাৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিজেপি চৰকাৰ মূর্দাবাদ, নৰেন্দ্ৰ মোদী মূর্দাবাদ, বিজেপিৰ কাম নাই, সৰ্বানন্দ সোণোৱালৰ কাম নাই আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।
বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উতলা কৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰ দাবী জনায়। বিশেষকৈ পেট্ৰল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ নকৰিলে অনাগত দিনত ছাত্ৰ সন্থাই অধিক ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।