চৰাইদেউ জিলাত ১৪৪ ধাৰাৰ অধীনত জোঁৰ সমদল নিষিদ্ধ

সোণাৰি : চৰাইদেউ জিলাৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ পলাশ ৰঞ্জন ঘৰফলীয়া স্বাক্ষৰিত এক নিৰ্দেশণা অনুসৰি জিলাখনত আইন শৃংখলা আৰু জনসাধাৰণৰ জীৱন আৰু শান্তি- সম্প্ৰীতি ৰক্ষাৰ বাবে বিশেষ কেতবোৰ কাৰ্যৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই অনুসৰি চি আৰ পি চিৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ চৰাইদেউ জিলাৰ বজাৰ আৰু জনসমাগম থকা অঞ্চলসমূহত জোঁ‌ৰ সমদল নিষিদ্ধ কৰা হৈছে।

একেটা নিৰ্দেশণা অনুসৰি চৰাইদেউ জিলাৰ জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিব পৰাকৈ হঠাৎ আৰম্ভ কৰা বিশৃংখল সমদল আৰু জন সমাবেশ নিষিদ্ধ কৰা হৈছে। তাৰোপৰি তৰোৱাল; যাঠী আদিৰ লগতে অতি সহজে প্ৰজ্বলিত হ’ব পৰা সামগ্ৰী আদি লগত লৈ কৰা সমদল নিষিদ্ধ কৰা হৈছে।

নিৰ্দেশণাটোত আৰু উল্লেখ কৰা হৈছে যে আগতীয়া অনুমতি নোলোৱাকৈ কোনে ব্যক্তি বা অনুষ্ঠান-প্ৰতিষ্ঠানে লাউড স্পীকাৰ বা অনুভাষ যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱৰিব।এই আদেশ তৎকালে বলৱৎ কৰা হৈছে আৰু এই নিষেধাজ্ঞা পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব ।

এই আদেশ ভংগ কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি বিহিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ৱ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply