সোণাৰিঃ- অসমীয়া সমাজৰ এক পুৰাতন পৰম্পৰা হৈছে বয়োজ্যেষ্ঠজনক সন্মান আৰু সভক্তি।বিহুৱে-সংক্ৰান্তিয়ে শ্ৰদ্ধাৰে সেৱা কৰাৰ লগতে প্ৰাচীন কালৰেপৰা অসমীয়া সমাজত জ্যেষ্ঠজনক আনুষ্ঠানিকভাৱে সন্মান দিয়া প্ৰথা এক পৰম্পৰা হিচাবে প্ৰচলিত হৈ আহিছে। চৰাইদেউ জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ আন্তৰিক প্ৰচেষ্টা আৰু পৰিকল্পনাত প্ৰথমবাৰৰ বাবে চৰাইদেউৰ সোণাৰিত “কৃতজ্ঞতা” শীৰ্ষক এক ব্যতিক্ৰমী গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হৈ যায়।
সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনুকৰণীয় আদৰ্শ আৰু বৰঙণি আগবঢ়োৱা চৰাইদেউ জিলাৰ ২২ গৰাকী বিশিষ্ট ব্যক্তি সৰ্বশ্ৰী গুণেশ্বৰ শইকীয়া, গেব্ৰিয়েল ঢান, চৈমেত বাইলুং, গোলাপ চন্দ্ৰ বৰগোহাঁই, ডিম্বেশ্বৰ গগৈ, গুণলতা শইকীয়া, তুলসী চাংমাই, সোনমাই বৰা, বিনন্দ ৰাজকোঁৱৰ, বিভাস পাল, বাণীকান্ত ৰাজখোৱা, মাখন চন্দ্ৰ গগৈ, ডম্বৰুধৰ ফুকন, তুলসীৰাম নেওগ, নন্দ কুমাৰ দাৰিগ, মান্য পাংগিং, কাঞ্চন চুতীয়া, প্ৰফুল্ল চন্দ্ৰ বৰা, উষা হাজৰিকা, ৰবিন চন্দ্ৰ কোঁৱৰ, উপেন্দ্ৰ নাথ ফুকন আৰু আফতাজুদ্দিন হালদাৰক সামাজিকভাৱে “কৃতজ্ঞতা”ৰ চিন স্বৰূপে আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়।