সোণাৰী: চৰাইদেউ মৈদামৰ আন্তঃগাঠনি উন্নয়ন,সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ উদ্দেশ্যেৰে ঐতিহাসিক চৰাইদেউত বৃহস্পতিবাৰে আৰম্ভ হয় সজাগতা সভা।
ঐতিহাসিক চৰাইদেউত অনুষ্ঠিত হোৱা সজাগতা সভাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ত্ব সঞ্চালয়ে UNESCO ৰ বিশ্ব ঐতিহ্য’ মূল তালিকাত অৰ্ন্তভূক্তিৰ লক্ষ্যৰে চৰাইদেউ মৈদামৰ আন্তঃগাঁঠনি উন্নয়ন,সংৰক্ষণ আৰু সংবদ্ধনৰ কাম আৰম্ভ কৰিছে।
চৰাইদেউৰ মৈদাম সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে চৰাইদেউৰ মৈদাম ক্ষেত্ৰত বিজ্ঞানসন্মত আলোচনাৰে অনুস্থিত হয় এই সজাগতা সভা।এই সজাগতা সভাত চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া,প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড° দীপৰেখা কুলি,প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সাংস্কৃতি বিশেষজ্ঞ ড° কে.চি.ন’ৰিয়াল উপস্থিত থাকে।